শহুৰেকৰ ঘৰত মহিলাই নিৰ্যাতনৰ সন্মুখীন হ’লে দায়ী হ’ব স্বামী: উচ্চতম ন্যায়ালয়

supreme court 4

শহুৰেকৰ ঘৰত মহিলাক আত্মীয়স্বজনে নিৰ্যাতন কৰিলেও ইয়াৰ বাবে দায়ী হ’ব স্বামী । কালি এটা গোচৰ শুনানিৰ সময়ত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে । এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু হৈছিল শীৰ্ষ ন্যায়ালয়ত । মহিলাগৰাকীয়ে স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে শাৰীৰিক অত্যাচাৰৰ অভিযোগ দাখিল কৰিছিল । ন্যায়ালয়ত শুনানিৰ সময়ত জামিনৰ আবেদন কৰিছিল গ্ৰেপ্তাৰ হোৱা অভিযুক্ত লোকজনে । আবেদন খাৰিজ কৰি ন্যায়ালয়ে জনায় যে, শহুৰৰ ঘৰত মহিলাই যিকোনো সমস্যাৰ সন্মুখীন হ’লে তাৰ প্ৰাথমিক দায়িত্ব বহন কৰিব লাগিব স্বামীয়ে । ঘটনা প্ৰসংগত পৰিয়ালৰ অন্য সদস্য বা আত্মীয়সকল জড়িত থাকিলেও ইয়াৰ দায়িত্ব বহন কৰিব লাগিব স্বামীয়ে ।

লুধিয়ানা আৰক্ষীক এগৰাকী মহিলাই অভিযোগ দাখিল কৰিছিল যে তেওঁৰ স্বামী আৰু শাহু-শহুৰে বহুদিনৰ পৰা তেওঁৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই আহিছে । ১৫ টকা নিদিয়াৰ বাবেই তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল । সেই গোচৰৰ শুনানিত জামিনৰ আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত ন্যায়াধীশে অভিযুক্তক প্ৰশ্ন কৰে, ‘আপুনি কেনে ধৰণৰ পুৰুষ ? অভিযোগত মহিলাগৰাকীয়ে জনাইছে তেওঁক ডিঙি টিপি হত্যা কৰাৰ চেষ্টা চলাইছিল আপুনি । জোৰ কৰি গৰ্ভপাত কৰাইছিল । কেনে ধৰণৰ পুৰুষে নিজৰ পত্নীক বেটেৰে মাৰ-পিট কৰিব পাৰে ?’

মহিলাগৰাকীক শাৰীৰিক অত্যাচাৰ কৰি ঘৰৰ বাহিৰ কৰি দিয়াৰ পাছত মহিলাগৰাকী আৰক্ষীৰ কাষ চাপে । আৰক্ষীয়ে তদন্তত পায় যে, ভুক্তভোগী মহিলাৰ শৰীৰত ১০টা পৃথক আঘাত পোৱা গৈছে । মূৰ, ডিঙিসহ শৰীৰৰ একাধিক স্থানত ক্ষত পোৱা গৈছে । পৰীক্ষণত পোৱা গৈছে কোনো ভোটা অস্ত্ৰৰে এই আঘাত কৰা হৈছে । এই বিষয়ত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ নেতৃত্বাধীন ডিভিজন বেঞ্চে, ‘শহুৰৰ ঘৰত পৰিয়ালৰ কোনো সদস্য বা আত্মীয়স্বজনে মহিলাৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰিলে ইয়াৰ দায়ী হ’ব স্বামী ।’

Exit mobile version