শুৱনিপথাৰবাসীৰ বিধানসভা নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত

ভোটদানৰ পৰা বিৰত থাকিব ৩০ টাকৈ খিলঞ্জীয়া পৰিয়াল

a214865d 5ece 4e57 bc7f c1856dce8130

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ গাঁও পঞ্চায়তৰ অধীনৰ ১০ নং ৱাৰ্ডৰ শুৱনি পথাৰ গাঁওখনৰ স্থাপনৰ ৬০ টাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰে মূল পথটো মেৰামতি নকৰাৰ ফলত আজি স্বতঃস্ফূৰ্ত ভাৱে গাঁও খনৰ ৰাইজ ওলাই আহি পথটো মেৰামতি কৰে।

হাতে হাতে দা-কোৰ লৈ পথ মেৰামতিৰ স্থলীত উপস্থিত হোৱা প্ৰায় দুকুৰিৰো অধিক পুৰুষ আৰু মহিলাই এক কিলোমিটাৰ দৈঘ্যৰ পথটোৰ ডাঙৰ ডাঙৰ গাত সমূহ মাটি ভৰাই সমান কৰাৰ উপৰিও কাষৰ হাবি বন সমূহ কাটি পৰিষ্কাৰ কৰে।

তদুপৰি আজি গাঁওখনৰ ৰাইজে কৰ্মস্থলীতেই আগন্তুক বিধান সভাৰ নিৰ্বাচনত সকলো ৰাজনৈতিক দলকেই গাঁওখনত  প্ৰচাৰত বাধা দিয়াৰ লগতে ভোটদানৰ পৰাও বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰায় ৩০ টা খিলঞ্জীয়া পৰিয়ালে বসবাস কৰা এই গাঁওখনৰ সংযোগী মাত্ৰ এক কিলোমিটাৰ পথ জৰাজীৰ্ণ অৱস্থাত থকাৰ ফলত বিগত সময়চোৱাত ৰাইজে দুৰ্ভোগ ভুগি আহিছিল।

স্থানীয়  ৰাইজৰ অভিযোগ অনুসৰি, শুৱনি পথাৰ গাঁৱৰ ৰাইজে আজি পৰ্যন্ত বিদ্যুৎ যোগানৰ বাহিৰে অন্য সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। স্মৰ্তব্য যে, বিগত ২০১৮ বৰ্ষত গাঁও খনৰ নিবাসী উদীয়মান কবি পংকজ ৰাজবংশীয়ে তেওঁৰ পুত্ৰৰ ওপজা দিনৰ দিনাখনেই গাঁঠিৰ ধন ভাঙি মেৰামতি কৰা পথটোৰ আজি ৰাইজে মেৰামতি কৰে ৷

Exit mobile version