ৰাইজ আমাৰ স’তে আছে, গতিকে চৰকাৰ আমাৰে হব : মঙ্গলছিং তিমুং

dc8c5950 e094 47de 8eac b6f042d21145

“ৰাইজ আমাৰ স’তে আছে, গতিকে চৰকাৰ আমাৰে হব” পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিৰ জেংখাত অনুষ্ঠিত হোৱা এখন বিজেপিৰ দলীয় সভাত এনেদৰে মন্তব্য কৰিলে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে। সমাগত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে এতিয়া বিভিন্ন ৰাজনৈতিক মহল। বহু জল্পনা-কল্পনাৰে ৰাজনৈতিক দলসমূহে সাজু হৈছে নিৰ্বাচনী যুজঁ দিবলৈ। তেনে এক লক্ষ্যৰে আজি হামৰেণ বিজেপিয়ে বিজেপি শক্তি কেন্দ্ৰসমূহৰ স’তে মিলিত হৈ জেংখাত অনুষ্ঠিত কৰে এখন জৰুৰী সভা।

অনুষ্ঠিত সভাত সমাগত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰূপছিং টেৰণক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ কেনে ধৰণৰ নীতি, ৰণ কৌশল, প্ৰচাৰ অভিযান আদি চলাব তথা অৱলম্বন কৰিব সেই সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিজেপি নেতা কৰ্মীয়ে কেনে ধৰণৰ দায়িত্ব পালনেৰে বৈঠালাংছ’ বিধানসভা সমষ্টি বিজেপিৰ দখলত ৰাখিবলৈ সক্ষম হ’ব সেই বিষয়ে বিশ্লেষণ আৰু বিতংভাৱে আলোচনা কৰে।

গুৰুত্বপূৰ্ণ যে আলোচনাৰ মজিয়াতে তিমুঙে বিজেপিৰ জয় বৈঠালাংছ’ বিধানসভা সমষ্টিত ১০০ শতাংশই নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে বিৰোধীৰ অভিসন্ধিয়ে বিজেপিৰ শক্তিত একো প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে। অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে হামৰেণ সমষ্টিৰ অন্তৰ্গত থকা চাৰিখনকৈ শক্তি কেন্দ্ৰৰ বিষয়ববীয়াৰ লগতে পশ্চিম কাৰ্বি আংলং বিজেপি জিলা কমিটিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, সম্পাদিকা প্ৰিয়া ইংহিপি, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, মংগল বে, বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচঙ ৰংহাং উপস্থিত থাকে।

Exit mobile version