অনুপম খেৰৰ মাতৃয়ে গ্ৰহণ কৰিলে কৰ’না ভেকচিন

10 03 2021 anupam kher 3 21447615

মাতৃ দুলাৰি খেৰক কৰ’না ভেকচিন প্ৰদান কৰালে বলিউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰে । ভেকচিন দিয়াবলৈ গৈ মাতৃৰ ধমকো খালে অভিনেতাগৰাকীয়ে।

হাস্পতালত সকলোৰে সন্মুখত মাতৃ দুলাৰিয়ে অভিনেত্ৰীগৰাকীক কয় যে, তই মনে মনে থাক । মাকৰ ধমক শুনি মনে মনে থাকিল খেৰ। মাতৃক ভেকচিন দিয়াবলৈ লৈ যোৱাত প্রথমৰ শেষলৈকে সমগ্ৰ দৃশ্য কেমেৰাত বন্দি কৰি ৰাখিছে অভিনেতাগৰাকীয়ে।

অনুপম খেৰে ভিডিঅ’টো সামাজিক মাধ্যমতো প’ষ্ট কৰে। ভিডিঅ’টোত দেখা গৈছে যে, চিকিৎসকে দুলাৰি খেৰক ক’ভিড ভেকচিনৰ গ্ৰহণৰ পাছত বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিয়ে। চিকিৎসকজনে লগতে পানী খোৱা আৰু চিন্তা ল’বলৈ বাধা প্ৰদান কৰে। দুলাৰি খেৰে কয় যে, মোৰ বহুত ডাঙৰ ডাঙৰ অস্ত্ৰোপচাৰ হৈছে মই ভয় নকৰো ।

আনহাতে, মঙলবাৰে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত অভিনেতা অনুপম খেৰেও কৰ’না ভেকচিন গ্ৰহণ কৰে ।

Exit mobile version