ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় কফছিৰাপ, টেবলেট উদ্ধাৰ

cough syrup GettyImages 200248534 001

ধুবুৰী চহৰৰ মাজমজিয়াত অৱস্থিত বেচৰকাৰী বাছ আস্থানৰ পৰা আজি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় কফছিৰাপ আৰু টেবলেট উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ৰাজ্যখনত নিৰ্বাচনী বতাহ তীব্ৰত্বৰ হৈ উঠাৰ সময়তে বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আৰু আনফালে একাংশ ড্ৰাগছ মাফিয়াই নিচাজাতীয় কফছিৰাপ, টেবলেট আদিৰ ৰমৰমীয়া ব্যবসায় চলাই যোৱা পৰিলক্ষিত হৈছে । ধুবুৰী চহৰৰ মাজমজিয়াত অৱস্থিত বেচৰকাৰী বাছ আস্থানত কাৰ্টুনে কাৰ্টুনে উদ্ধাৰ হৈছে নিচাজাতীয় কফছিৰাপ আৰু টেবলেট ।

উল্লেখ্য যে, ধুবুৰী বেচৰকাৰী বাছ আস্থানত কালি দুপৰীয়া বাছ এখনৰ কন্টেক্টৰ আৰিফুল নামৰ ব্যক্তিজনে গোৱালপাৰাৰ গাড়ী এখনৰ পৰা কেইটামান ডাঙৰ ডাঙৰ কাৰ্টুন নমাই বাছ আস্থানৰ টিকট কাউণ্টাৰত থৈ বাছ আস্থানটোৰ কৰ্মকৰ্তাসকলক অৱগত কৰি কাৰ্টুনসমূহ পিছত লৈ যাব বুলিও সদৰি কৰে । আজি পুৱা লোকজনে লৈ যোৱাৰ কথা আছিল যদিও লোকজন উপস্থিত নোহোৱাত সন্দেহ ওপজে স্থানীয় ৰাইজৰ লগতে কৰ্মকৰ্তাসকলৰ মাজত ।

অৱশেষত উত্তৰ-পূৱ বিশেষ পৰিৱহণ সন্থাৰ সম্পাদক মিঠু আলীয়ে কাৰ্টুনসমূহৰ ভিতৰত কফছিৰাপ প্ৰতক্ষ্য কৰি ধুবুৰী সদৰ থানাৰ আৰক্ষীক অৱগত কৰে ।

খবৰ পোৱাৰ পাছত ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুল হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটি বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ কফছিৰাপৰ কাৰ্টুনসমূহ উদ্ধাৰ কৰি থানালৈ লৈ যায় । কফছিৰাপসমূহ কলা বজাৰত বিক্ৰীৰ বাবে অনা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । ধুবুৰী আৰক্ষীয়ে কফছিৰাপৰ কাৰ্টুনসমূহ নিজৰ জিম্মা লৈ নি ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version