বোকাজান বিধানসভা সমষ্টিত দুজনৰ মনোনয়ন দাখিল

ঢোলে-দগৰে মনোনয়ন দাখিল ডাঃ নোমল মমিনৰ

WhatsApp Image 2021 03 10 at 6.40.24 PM

আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষনত সমগ্ৰ ৰাজ্যখনৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলংতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে ৷ জিলাখনত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাৰ্থীসকলে ৷ ১৭ নং বোকাজান বিধানসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোতেই দেখা গ’ল এক উৎসৱ মুখৰ পৰিৱেশ ৷

প্ৰথমতেই অল পাৰ্টী হিল লিডাৰছ কনফাৰেঞ্চ দলৰ প্ৰাৰ্থী চেমচন টেৰণে সমৰ্থকসহ বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিলৰ পাছতেই বিধায়ক ডাঃ নোমল মমিনে সহস্ৰাধিক সমৰ্থকসহ ঢোলে-দগৰে সমদল কৰি আহি বিজেপি দলৰ হৈ মনোনয়ন দাখিল কৰে ৷

উল্লেখযোগ্য যে, সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ মাজতেই মূল যুঁজখন হ’ব বুলি ধাৰণা কৰা হৈছে যদিও কংগ্ৰেছে এতিয়ালৈকে সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ৷ আনহাতে, সমষ্টিটোত অটন’মাছ ষ্টেট ডিমাণ্ড কমিটিৰ ৰাজেন্দ্ৰ নাথ ৰংপিয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখনীয় যে ১,৪৯,৯২৯ জন ভোটাৰৰ বোকাজান বিধানসভা সমষ্টিত ২০১৬ত নোমল মমিনৰ হাতত পৰাজিত হৈছিল কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ বীৰেণ সিং ইংতিৰ পুত্ৰ ক্লেংডুন ইংতি ৷

Exit mobile version