নাকৰ ভিতৰত স্প্ৰে কৰা হ’ব ক’ভিড প্ৰতিষেধক 

পৰীক্ষামূলক প্ৰয়োগ আৰম্ভ কৰিলে ভাৰত বায়'টেকে

NAsal Vaccine
ইণ্ট্ৰানেজল বা নাকৰ ভিতৰত ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিলে ভাৰত বায়’টেকে । বুধবাৰে প্ৰথম পৰ্যায়ৰ প্ৰৰীক্ষণ কৰা হয় । সংস্থাই  দিয়া তথ্য অনুসৰি, প্ৰথম দিনাই ১০ জন স্বেচ্ছাসেৱকে এই পৰীক্ষণত অংশগ্ৰহণ কৰে ।
সূত্ৰ অনুসৰি, অতি শীঘ্ৰে পাটনা, চেন্নাই আৰু নাগপুৰতো পৰীক্ষণ আৰম্ভ কৰিব ভাৰত বায়’টেকে । ধনাত্মক সংকেত লাভ কৰিলেই নাগপুৰত পৰীক্ষণ আৰম্ভ ‌কৰিব ভাৰত বায়’টেকে । দেশজুৰি ১৭৫জন স্বেচ্ছাসেৱকক এই পৰীক্ষামূলক প্ৰতিষেধক প্ৰদান কৰা হ’ব । এই পৰীক্ষা সফল হ’লে ক’ভিডৰ বিৰুদ্ধে ই ‘গেম চেঞ্জাৰ’ হ’ব বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।
এই পৰ্যন্ত প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে চিৰিঞ্জৰ ব্যৱহাৰ কৰা হৈছে, কিন্তু ইণ্ট্ৰানেজল প্ৰদান কৰিবৰ বাবে চিৰিঞ্জৰ ব্যৱহাৰ কৰা নহয় । নাকৰ ভিতৰত স্প্ৰে কৰা হ’ব প্ৰতিষেধক ।
ইণ্ট্ৰানেজল প্ৰতিষেধকৰ বিষয়ে পূৰ্বেই অৱগত কৰিছিল ভাৰত বায়’টেকৰ মুৰব্বী কৃষ্ণ এল্লাই । ৱাশ্বিংটন ইউনিভাৰছিটি স্কুল অৱ মেডিচিনৰ স’তে যৌথভাৱে এই প্ৰতিষেধক প্ৰস্তুত কৰা হ’ব বুলি জনাইছিল তেওঁ । এই প্ৰসংগত তেওঁ জনাইছিল যে, এই প্ৰতিষেধকৰ দ্ৰুত পৰীক্ষণ কৰিব তেওঁলোকে । এল্লাই দাবী কৰে যে, গৱেষণাত পোৱা গৈছে যে, নাকে দি প্ৰতিষেধক প্ৰদান কৰা আটাইতকৈ ভাল পদ্ধতি । কাৰণ, নাকৰ ভিতৰেদিয়েই কৰ’নাৰ সংক্ৰমণ হয় ।
টিকাকৰণৰ বাবে কেন্দ্ৰই অনুমোদন প্ৰদান কৰা সংস্থা দুখনৰ ভিতৰত ভাৰত বায়’টেক অন্যতম । প্ৰতিষেধকৰ দুটা ড’জ প্ৰদান কৰা হয়। নাকৰ ভিতৰত প্ৰদান কৰিবলগীয়া প্ৰতিষেধকৰো দুটা ড’জেই দিয়া হ’ব বুলি জনায় এল্লাই ।
Exit mobile version