চিৰাঙত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্ব্বাহক

বিধানসভা নিৰ্ব্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা

Screenshot 263

চিৰাঙত আজি বিজেপি মিত্ৰজোঁটৰ অংশিদাৰী দল ইউপিপিএল দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্ব্বাহক সভা অনুষ্ঠিত হয় । জিলাখনৰ ছাপাগুৰিস্থিত চতুৰ্থ তাৰকাযুক্ত হোটেল হিমালয়ত অনুষ্ঠিত হৈছে এই সভা । বিধানসভা নিৰ্ব্বাচন উপলক্ষে ইউপিপিএল দলে এই সভাতে কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ লগতে দলটোৰ দ্বিতীয় পৰ্য্যায়ৰ প্ৰাৰ্থীৰো বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে । দুই এদিনতে এই প্ৰাৰ্থী তালিকা প্ৰকাশৰ সম্ভাৱনা ।

দলৰ কেন্দ্ৰীয় নেতাসকলো উপস্থিত থাকে সভাখনত । পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত দুপৰীয়াৰ আহাৰ বিৰতিৰ সময়ত সংবাদ মাধ্যমৰ স’তে বাৰ্তালাপ কৰে দলৰ সভাপতি তথা বিটিচি মুখ্য প্ৰমোদ বড়োৱে । তেওঁ কয় যে, এইটো দলীয় কেবিনেট আছিল । ইয়াত দলীয় ইস্তাহাৰ আৰু বিধানসভা নিৰ্ব্বাচনৰ ৰণনীতি প্ৰস্তত কৰা হয়।

তেওঁ লগতে কয়, ‘আমি ইতিমধ্যে সাতটা আসন পাইছো ইয়াৰোপৰি দুই এটা আসন বিটিচিৰ বাহিৰত প্ৰাৰ্থী দিয়াৰ যো-জা চলোৱা হৈছে । মুঠতে আমি নটা সমষ্টিত প্ৰাৰ্থী দিম ।’

তেওঁ বিজনী বিধানসভা সমষ্টি সন্দৰ্ভত কয় যে, আমিয়ো বিচাৰিছো বিজেপিয়েও বিচাৰিছে গতিকে আজি নিশাৰ ভিতৰত সেয়া স্পষ্ট হ’ব । সাংসদ নৱ শৰণীয়া নিৰ্দলীয়ভাৱে প্ৰতিদন্দিতা কৰিব । তেওঁ প্ৰতিদন্দিতা কৰিবলগীয়া সমষ্টি সন্দৰ্ভতো আলোচনা কৰাৰ কথা জনায় ।

কাৰণ, বিজেপি , ইউপিপিএল আৰু গণ সুৰক্ষা দলে মিলি বিটিচি পৰিষদ গঠন কৰিছে গতিকে সকলোৱে মিলি বিধানসভা নিৰ্ব্বাচনত প্ৰতিদন্দিতা কৰাৰ কথাও জনায়। প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ নিৰ্ব্বাচনত কংগ্ৰেছে পৰাজিত হ’ব আৰু তৃতীয় পৰ্য্যায়তো সন্দেহ আছে বুলি কয় প্ৰমোদ বড়োৱে ।

বিটিচি মুখ্য বড়োৱে বদৰুদ্দিন আজমল সন্দৰ্ভত কয় যে, ভাৰতৰ বা অসমৰ মুছলমানসকলক ভুল পথে পৰিচালিত কৰি ইছলামিক ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰ কৰিছে । এনে হ’লে তেওঁ সাংসদ হোৱাৰ যোগ্যতা হেৰুৱাব। কাৰণ ভাৰতৰ অখণ্ডতা , ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ শপত লৈছিল সাংসদ হিচাবে শপত লোৱাৰ সময়ত। গতিকে আজি যদি ইছলামিক ৰাষ্ট্ৰ গঠনৰ কথা কয় তেন্তে সাংসদজনৰ বিৰুদ্ধে ভাৰত চৰকাৰে ব্যৱস্থা ল’ব লাগে বুলিও দাবী জনায় বড়োৱে ।

সামাজিকভাৱে সাম্প্ৰদায়িক বিষ সোমাব বিচৰা আজমলৰ বিৰুদ্ধে মুছলমানসকল কঠোৰ হ’বলৈ আহ্ব্বান জনায় বড়োৱে । ব্যৱসায় কৰা লোকজনে ব্যৱসায়ক মূল লক্ষ্য হিচাপে লৈ ৰাজনীতিক ব্যৱহাৰ কৰাৰ অভিযোগ কৰে আজমলৰ বিৰুদ্ধে গতিকে তেনে ধৰণৰ লোকৰ পৰা মুছলমান লোকসকল সতৰ্ক হৈ থাকিব লাগে ।

এইখিনিতে উল্লেখ্য যে, বদৰুদ্দিন আজমল সন্দৰ্ভত ইছলামিক ৰাষ্ট্ৰ গঠনৰ যি ভাইৰেল ভিডেঅ’ সেয়া যে ইতিমধ্যে ভুৱা বুলি প্ৰমাণিত হৈছে এই বিষয়ে যেন বড়ো অৱগত নহয় । বড়োৱে এই বিষয়ে আজিও আজলমক সমালোচনা কৰি থকা পৰিলক্ষিত হৈছে ।

Exit mobile version