পুনেত পুনৰ লকডাউনৰ ঘোষণা

2029651 1256091792

কৰ’নাৰ দ্বিতীয় ঢৌয়ে মহাৰাষ্ট্ৰৰ পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটাইছে। বৃহস্পতিবাৰে নাগপুৰত সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰাৰ পাছতে পুনেতো কৰ’না সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱাত নাইট কাৰফিউ ঘোষণা কৰা হয়।

পুনেত নিশা ১১ বজাৰ পৰা ছয় বজালৈ অব্যাহত থাকিব কাৰফিউ । ৩১ মাৰ্চলৈকে চহৰখনত বন্ধ থাকিব বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ।

লগতে নিশা ১০ বজাৰ পৰা ছয় বজালৈ বন্ধ থাকিব হোটেল আৰু বাৰ সমূহ। শ্বপিং মলটো নিশা ১০ বজাৰ পৰা ছয় বজালৈ বন্ধ কৰা হ’ব।

সন্ধিয়া বন্ধ থাকিব সকলো বাগান আৰু পার্কসমূহ । মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে পুনেৰ পৰিস্থিতিৰ বিষয়ে চহৰখনৰ সাংসদ, বিধায়ক আৰু মেয়ৰৰ স’তে বিশেষ আলোচনা কৰিছে।

ইতিমধ্যে শুক্ৰবাৰে সন্ধিয়া আঠ বজাৰ পৰা সোমবাৰে পুৱা আঠ বজালৈ সম্পূৰ্ণ আকোলা চহৰ বন্ধ ঘোষণা কৰা হৈছে। কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত এই সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ পূৰ্বে ১৫ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ নাগপুৰ চহৰত সম্পূৰ্ণ বন্ধ ঘোষণা কৰে প্ৰশাসনে। যোৱা মাহৰ পৰা নাগপুৰত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত লয় প্ৰশাসনে ।

Exit mobile version