বোকাজান বিধানসভা সমষ্টিত সাতজন প্ৰাৰ্থীৰ মনোনয়ন দাখিল, কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হ’ব মূল প্ৰতিদ্বন্দিতা

বিৰোধীৰ ভোট বিভাজনৰ সুবিধা ল'ব বিজেপিয়ে

WhatsApp Image 2021 03 12 at 8.01.45 PM

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৭ নং বোকাজান বিধানসভা সমষ্টিত মনোনয়ন দাখিলৰ আজি অন্তিম দিনা তিনিজন প্ৰাৰ্থীয়ে মহকুমাধিপতি কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰাৰ লগে লগে সমষ্টিটোত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীৰ সংখ্যা সাত জনলৈ বৃদ্ধি পালে ৷ আজি বৃহৎ সংখ্যক সমৰ্থকসহ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰতন ইংতিয়ে মনোনয়ন দাখিল কৰাৰ লগতে ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ সঞ্জয় কেম্প্ৰাই আৰু এন.পি.প.ৰ ডেভিদ ৰেংমাই মনোনয়ন দাখিল কৰে ৷

ইতিমধ্যেই মনোনয়ন দাখিল কৰা আনকেইজন প্ৰাৰ্থী হ’ল বিজেপিৰ ডাঃনোমল মমিন, এ.এছ.ডি.চি.ৰ ৰাজেন্দ্ৰ ৰংপি, অল পাৰ্টী হিলছ লিডাৰছ কনফাৰেঞ্চৰ চেমচন টেৰণ আৰু চিপিআই(এম এল) দলৰ আমলং ইংতি ৷

উল্লেখযোগ্য যে, এই সমষ্টিটোত ২০১৬ত নোমল মমিনে লাভ কৰিছিল ৪০,১৭০ টা ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ক্লেংডুন ইংতিয়ে লাভ কৰিছিল ৩৫,৪২৬টা ভোট ৷ ইপিনে এ এছ ডি চিৰ সমৰ্থিত জগতচিং ইংতিয়ে লাভ কৰিছিল ২৫,৩৮৮ টা ভোট ৷

নোমল মমিনৰ সেইবাৰ জাতীয় কংগ্ৰেছৰ লগত জয়লাভৰ ব্যৱধান আছিল ৪,৭৪৪ টা ভোট ৷ তৃতীয় স্থানত থকা তিনিবাৰৰ বিধায়ক জগতচিং ইংতিয়ে পৰৱৰ্তী সময়ত বিজেপি দলত যোগ দি পৰিষদৰ নিৰ্বাচনত জয়ী হৈ স্বায়ত্ব পৰিষদৰ কাৰ্যনিৰ্বাহক পদত অধিষ্ঠিত হয় ৷

সমষ্টিটোত এক নিজা ভোট বেংক থকা জগতচিং ইংতিয়ে যদিহে এক নিৰ্দিষ্ট পৰিমাণৰ ভোট বিজেপি দললৈ আনিব পাৰে তেন্ত নোমল মমিনৰ জয় মসৃণ হৈ পৰিব ৷ তাৰ বিপৰীতে যদি কংগ্ৰেছ দলে এই ভোট বেংকত আঘাত হানিব পাৰে তেন্তে ক্ষতিগ্ৰস্ত হব বিজেপিৰ প্ৰাৰ্থী গৰাকী ৷ যিহেতু কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতি পূৰ্বতে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য হোৱাৰ সুবাদতে কিছু কিছু অঞ্চলত তেওঁৰো স্বকীয় প্ৰভাৱ আছে ৷

ইপিনে যদিহে এ.এছ.ডি.চি, চিপিআই এম .ল, অল পাৰ্টী হিলছ লিডাৰছ কনফাৰেন্সৰ মাজত ভোটৰ ভাগ বিতৰণ হয় তেতিয়াও কিন্তু মমিনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব ৷ অৱশ্যে কাৰ্বি আংলংত বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই যদিও দলৰ অভ্যন্তৰত লবী ৰাজনীতি আছে যাৰ বাবে নিজ দলৰ প্ৰাৰ্থী গৰাকীকো চিপৰাং মৰাৰ আন এক আশংকাকো নুই কৰিব নোৱাৰি ৷ যদিহে এনে পৰিঘটনা সংঘটিত হয় তেন্ত বোকাজান সমষ্টিত জমি উঠিব নিৰ্বাচনী খেল ৷

Exit mobile version