কইনা বিচাৰি আৰক্ষী থানা পালেগৈ উত্তৰ প্ৰদেশৰ দুই ফুট উচ্চতাৰ আজিম

2021 3image 09 41 167819087shamli4 ll

নাবালিকাৰ বিবাহ প্ৰতিহত কৰিবলৈ আৰক্ষীক বহুতো ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰা দেখা যায়। বৈবাহিক বিবাদৰ পৰা ধৰি ঘৰুৱা কন্দললৈকে সকলোৰে সমস্যাৰ সমাধান কৰে আৰক্ষীয়ে । এইবাৰ এক অন্য গোচৰ লৈ আৰক্ষীৰ কাষ চাপিলে উত্তৰ প্ৰদেশৰ এজন যুৱকে। যোৱা মঙলবাৰে ২৬ বছৰীয়া স্থানীয় এজন যুৱকে কইনা বিচাৰি দিবলৈ অনুৰোধ জনাই কাষ চাপিলে আৰক্ষীৰ।

ঘটনাটো উত্তৰ প্ৰদেশৰ চামেলি জিলাৰ। বিবাহসম্পৰ্কে এই অনুৰোধ শুনি আচৰিত হ’ল উত্তৰ প্ৰদেশৰ চামলি জিলাৰ আৰক্ষী বিষয়াসকল। এজন ২৬ বছৰীয়া লোক। দুই ফুট ওখ যুৱকজনে বিয়াৰ বাবে কইনা বিচাৰি নাপায় কইনাৰ বাবে আবেদন জনালে আৰক্ষীক।

দুই ফুট উচ্চতাৰ লোকজনৰ নাম আজিম। তেওঁৰ অভিযোগ আজিমৰ পৰিয়ালটোৱে তেওঁক বিয়াৰ বাবে কন্যা বিচাৰা নাই। আজিমেও বিয়া কৰোৱাবলৈ বহুত চেষ্টা কৰিছে যদিও তেওঁ সফল হোৱা নাই। গতিকে পুলিচে যাতে তেওঁৰ বিয়াৰ বাবে কইনা বিচাৰিবলৈ সহায় কৰে।

এই বিষয়ে ষ্টেচন হাউচ বিষয়াজনে কয় যে মানুহৰ বিবাহ আয়োজনত আৰক্ষীৰ কোনো ভূমিকা নাই। তেওঁ কয়, “যদি দম্পত্তিৰ মাজত সমস্যা হয়, আমি সহায় কৰিব পাৰো। কিন্তু এজন ব্যক্তিৰ বিয়া আয়োজন কৰাটো আমাৰ কাম নহয়। ”

আজিমৰ পৰিয়ালে দাবী কৰিছে যে তেওঁলোকে আজিমক বিয়া কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু কোনো আজিমক বিয়া কৰিবলৈ সন্মত নহয়। আজিমৰ ভাতৃ মহম্মদ নইমে কয়, “তেওঁ শাৰীৰিকভাৱে দুৰ্বল। হাততো সমস্যা আছে। আমি কাৰোবাক বিয়া কৰিব বিচাৰো যিয়ে তেওঁৰ চোৱা-চিতা কৰিব পাৰে।

Exit mobile version