বুদ্ধৰ বেশ ল’লে ড’নাল্ড ট্রাম্পে, চীনত বিক্ৰী হৈছে এই প্রতিমা

b01aac94 6123 42ba a6c8 50bfe2e8d635 e11d7321

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি ড”নাল্ড ট্রাম্পে পুনৰ সংবাদ শিৰােনাম দখল কৰিলে। অৱশ্যে এইবাৰ কোনাে বিতর্কিত মন্তব্য বা ৰাজনৈতিক কাৰণত নহয়, বৰঞ্চ গৌতম বুদ্ধৰ বেশ লৈহে বিশ্বজুৰি চৰ্চিত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতিজন। দৰাচলতে চীনত সম্প্রতি ট্রাম্প মূর্তি যথেষ্ট জনপ্রিয় হৈছে।

এই মূর্তিত ট্রাম্পক গৌতম বুদ্ধৰ বেশত প্রদর্শন কৰা হৈছে। বগা ৰঙৰ মূৰ্তিত ট্রাম্পে চকু মুদি ধ্যানৰ ভংগীত বহি আছে। অনলাইনৰ জৰিয়তে ট্রাম্প বুদ্ধৰূপী এনে মূর্তি যথেষ্ট বিক্ৰী হৈছে। চীনাে এই মূর্তিয়ে বিশেষ বাণিজ্যিক চাহিদা লাভ কৰিছে। উল্লেখ্য যে নিজৰ শাসনকালত ট্রাম্পে চীন বিৰােধী বহু নীতি গ্ৰহণ কৰাৰ লগতে জি জিনপিঙৰ দেশখনক বহু বিষয়ত কঠোৰভাৱে সমালােচনা কৰিছিল।

সেইজন চীনবিৰােধী ট্রাম্পৰ বুদ্ধৰূপী মূর্তি সম্প্রতি চীনৰ অনলাইন প্রতিষ্ঠান জাউবাউৱে বিক্রী কৰি চমক দিলে। ১.৬ মিটাৰ আকাৰৰ ট্রাম্পৰ মূৰ্তিৰ মূল্য ১৫০ ডলাৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াতকৈ ডাঙৰ আকৃতিৰ মূৰ্তিৰ মূল্য ৬১০ ডলাৰত ৱেবছাইটত উপলব্ধ।

Exit mobile version