অপেক্ষাৰ অন্ত পেলাই ছবিগৃহলৈ আহি আছে অক্ষয়ৰ নতুন ছবি সূৰ্য্যবংশী

2vrc5a3 sooryavanshi new release

পৰিচালক ৰোহিত ছেট্টিয়ে প্ৰায় এবছৰ আগতে নতুন ছবি ‘সূৰ্য্যবংশী’ৰ মুক্তিৰ কথা ঘোষণা কৰিছিল। ছবিখনৰ মুখ্য অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী কেটৰিনা কেইফ।ছবিখন যোৱা বছৰ মাৰ্চত মুক্তি পোৱাৰ কথা আছিল। যোৱা মাহৰ আৰম্ভণিতে ছবিখনৰ ট্ৰেইলাৰটো মুকলি হৈছিল।

সেই সময়ত কৰ’না মহামাৰী বাবে দুয়োকে ৰোহিত আৰু অক্ষয়ক একে লগে দেখিব পোৱা নগ’ল কিন্তু এইবাৰ মুক্তি পালে অক্ষয়ৰ নতুন ছবি ‘সূৰ্য্যবংশী’ ।দেওবাৰে ৰোহিত ছেট্টিৰ জন্মদিনৰ দিনা ছবিখনৰ মুক্তি দিন ঘোষনা কৰা হয় ।বলিউড অভিনেতা অক্ষয়ে টুইট কৰি জনালে যে ছবিখন ৩০ এপ্ৰিলত ছবিগৃহলৈ আহিব।

টুইটত এটা ভিডিঅ যোগ কৰি অক্ষয়ে লিখিছে ‘আমাৰ ছবিখনৰ ট্ৰেইলাৰটো এবছৰ আগতে দুই মাৰ্চত মুক্তি পাইছিল। দৰ্শকে ইয়াক পছন্দও কৰিছিল ।তেতিয়া আমি গম পোৱা নাছিলোঁ সন্মুখত কি আহি আছে ।সমগ্ৰ পৃথিৱী থমকি গ’ল। ছবিখনৰ মুক্তিৰ দিন পিছুৱাই আমি এখন বিবৃতিও জাৰী কৰিছিলোঁ। আমি দৰ্শকসকলক কথা দিছিলোঁ সূৰ্য্যবংশী ছবিখন ঠিক সময়ত ছবিগৃহলৈ ঘূৰি আহিব। অৱশেষত অপেক্ষাৰ অন্ত পৰিল ।

পৰিচালক-অভিনেতাৰ সম্পৰ্কৰ লগতে ৰোহিত-অক্ষয় ঘনিষ্ঠ বন্ধু হয়। অক্ষয়ে তেওঁৰ বন্ধুৰ স’তে তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই এখন ছবিও প’ষ্ট কৰে। তেওঁ কয় যে দুয়োজনৰ কামৰ প্ৰতি থকা প্ৰেমে তেওঁলোকৰ বন্ধুত্বক গভীৰ কৰি তুলিছে।

Exit mobile version