দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ কথা ঘোষণা কৰিলে অভিনেত্ৰী তথা ক্ৰিকেটাৰ হৰভজন সিঙৰ পত্নী গীতা বছৰায়ে

4df1072c 1336 4790 98d9 2368ff908000

দ্বিতীয়বাৰৰ বাবে মাতৃ হব ওলাইছে’ দ্য ট্ৰন ‘ৰ অভিনেত্ৰী গীতা বছৰা স্বামী ক্ৰিকেটাৰ হৰভজন সিং আৰু তেওঁৰ প্ৰথম কন্যা স’তে এখন ছবি দি সেই কথা ঘোষণা কৰিলে অভিনেত্ৰীগৰাকীয়ে ।ইনষ্টাগ্ৰামত হৰভজন আৰু গীতাক উদ্দেশ্য ক্ৰীড়া আৰু চলচ্চিত্ৰ তাৰকাসকলে শুভকামনা জনাবলৈ আৰম্ভ কৰিছে।

সেই তালিকাত অভিনেত্ৰী নেহা ধুপিয়া আৰু ক্ৰিকেটাৰ সুৰেশ ৰাইনা আদি অন্তৰ্ভুক্ত আছে। ফটোখনত দেখা গৈছে তাৰকা দম্পতীজনে তেওঁলোকৰ কন্যা হিনায়া হিৰ প্লাহাৰৰ স’তে প’জ দিছে। পাঁচ বছৰীয়া হিনায়াই এটা টি-চাৰ্ট হাতত ধৰি থকা দেখা গৈছে য’ত লিখা আছে ‘ছোন টু বি বিগ ছিছতাৰ ‘।

ফটোৰ কেপশ্বনত গীতাই লিখিছে, ‘কামিং ছোন’ জুলাই ২০২১’। ২০১৫ চনত বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰী গীতা আৰু হাৰভজন সিং । পৰৱৰ্তী বছৰত লণ্ডনত তেওঁলোকৰ প্ৰথম সন্তান জন্ম হয়। ২০০৭ চনত ‘দ্য ট্ৰেন’ ছবিত কাম কৰি অভিনেত্ৰী হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল গীতা বছৰাই। ইয়াৰ পাছতো বহুকেইখন ছবিতো অভিনয় কৰিছে গিতাই ।

Exit mobile version