বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শনিবাৰে নিশা কোকৰাঝাৰ জিলাত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ – শস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰৰ অনুসৰি যোৱানিশা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ বিছমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত দিঘিলীপাৰা বনাঞ্চলৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলে অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা অস্ত্ৰ – শস্ত্ৰ খিনিৰ ভিতৰত আছে দুটা টা একে ৫৬ ৰাইফল, পিষ্টল এটা , একে ৫৬ ৰ মেগজিন দুটা আৰু একে ৫৬ ৰ ২৯ জাই সক্ৰিয় গুলী ৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি পুৱা আয়োজিত এক সংবাদমেলত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান(প্ৰশিক্ষণ আৰু অস্ত্ৰ প্ৰশিক্ষণ) তথা বিটিএডিৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই সদৰী কৰা মতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেতৃত্বত আৰক্ষীৰ দলে শনিবাৰে নিশা জিলাখনৰ দিঘিলীপাৰা বনাঞ্চলত অভিযান চলাই মাটিৰ তলত পুতি থোৱা অৱস্থাত অস্ত্ৰ – শস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উদ্ধাৰকৃত অস্ত্ৰখিনি প্ৰাক্তন বিদ্ৰোহী সংগঠন বিএলটি বা এনডিএফবিৰ হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও তদন্তৰ পিছতহে সঠিক তথ্য পোহৰলৈ আহিব বুলি মন্তব্য কৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান ড° এল আৰ বিষ্ণই । যোৱা এবছৰত উদ্ধাৰ হোৱা ৮০ টা অস্ত্ৰ শস্ত্ৰ ৰ ভিতৰত ৩৭ টা অত্যাধুনিক মাৰনাস্ত্ৰ,আঢ়ৈ হেজাৰ সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম দয় ৷ ইপিনে এনডিএফবিৰ শীৰ্ষ নেতা এম বাথাৰ নেৰ্তৃত্বত ৩০ জনীয়া উগ্ৰপন্থীৰ দল এটা ভাৰত ভূটান সীমান্ত জংঘলত বিচৰণ কৰি আছে ৷
শীৰ্ষ বিষয়া গৰাকীয়ে সদৰি কৰা মতে এম বাথা আৰু তেওঁৰ ৩০ জনীয়া দলটোৰ প্ৰত্যেকৰে হাতত অত্যাধুনিক মাৰণাস্ত্ৰ আছে । বুলি শীৰ্ষ বিষয়া গৰাকীয়ে সদৰি কৰে ৷ আনহাতে কোকৰাঝাৰ আৰক্ষীয়ে নিৰবচ্ছিন্নভাৱে অস্ত্ৰ উদ্ধাৰ কৰিয়ে আছে বুলি উল্লেখ কৰি কয় যে বাথাই যি কূটাঘাত কাম কৰাৰ পৰিকল্পনা কৰি আছে সেয়া কেতিয়াও সফল হবলৈ দিয়া নহব আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান কঠোৰ কৰি তোলা হৈছে ৷