বজালীৰ ভৱানীপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস

পদুমফুল মানে হাতী, হাতী মানে পদুমফুলঃ দাস

EwcgeI8VcAQJoWP

তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ ভৱানীপুৰ সমষ্টিৰ অগপ‌ই লাভ কৰাৰ পাছতেই আজি সৰুপেটাত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস ।

ADVERTISEMENT

সৰুপেটা শংকৰদেৱ শিশু নিকেতন প্ৰাংগনত অনুষ্ঠিত এক দলীয় সভাত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ড০ ৰণজিৎ ডেকাৰ হৈ কাম কৰিবলৈ সমষ্টিটোৰ স্থানীয় নেতা কৰ্মীসকলক আহ্বান জনায় ।

দলীয় কৰ্মীৰ মাজত কোনো ভেদাভেদ, আক্ষেপ নাৰাখি একমাত্ৰ মিত্ৰজোঁটৰ চৰকাৰ দিছপুৰত গঠন হোৱাৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয় কৰিবলৈ অনুৰোধ জনায় সভাপতি দাসে ।

ৰাইজৰ মাজত যোৱাৰ সময়ত দলীয় কৰ্মীসকলক পদুমফুল মানে হাতী, হাতী মানে পদুমফুল গান গাই ভোট ভিক্ষা কৰিবলৈও পৰামৰ্শ আগবঢ়ায় বিজেপিৰ ৰাজ্যিক সভাপতি দাসে ।

Exit mobile version