৯৮শতাংশ টেটুৰে পৰিপূৰ্ণ এজন ৭২বছৰীয়া লোক

40339426 0 image a 91 1615467657298

জাৰ্মানীৰ ৭২বছৰীয়া এজন লোক। শৰীৰত দুই ভৰিৰ কেইটামান অংশৰ বাহিৰে গোটেই শৰীৰ ৯৮ শতাংশ টেটুৰে পৰিপূৰ্ণ। ৭২ বছৰীয়া লোকজনৰ নাম ৱল্ফগাং কীৰ্চ্চ । সেই দেশত ৱল্ফগাং কীৰ্চ্চক সৰ্ববৃহৎ টেটুধাৰক হিচাপে স্বীকৃতি দিয়া হৈছে।

ADVERTISEMENT

ৱল্ফগাংয়ে ৪৬ বছৰ বয়সত তেওঁৰ জীৱনৰ প্ৰথম টেটু কৰাইছিল। সেইটোও কৰাইছিল চকুৰ তলত দুটা সৰু টেটু । বাৰ্লিন প্ৰাচীৰৰ পতনৰ স্মৃতিত তেওঁ সেই টেটু বনাইছিল। নিজকে ‘ম্যাগনিটো’ বুলি চিনাকি দিয়া লোকজনে কয় যে কেৱল টেটুৰ বাবে তেওঁ ইমান জনপ্ৰিয়, ৰাস্তাত ওলাই যোৱাৰ সময়ত তেওঁৰ স্বাক্ষৰ বিচাৰি বহুত লোক তেওঁৰ কাষ চাপে।

সকলো মিলাই তেওঁ টেটুত মুঠ ২৫ হেজাৰ ইউৰো ব্যয় কৰিছে । ভাৰতীয় সংখ্যাত ইয়াৰ মূল্য ২১ লাখতকৈও অধিক।তেওঁৰ জীৱনৰ ৭২০ ঘণ্টা এজন টেটু শিল্পীৰ বেজীৰ তলত অতিবাহিত কৰিছিল।

Exit mobile version