কচু শাকৰ উপকাৰিতা

colacasia1 03 2

★ ইয়াত থকা আঁহৰ বাবে ই কোষ্ঠকাঠিন্য আৰুIBS ৰোগত উপকাৰী৷

★প্ৰচুৰ পৰিমাণে ভিটামিন A থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী কচু শাক।

★দৃষ্টিশক্তিৰ দুৰ্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে।

★কচুত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।

★কচুত থকা আঁহৰ বাবে ই কোষ্ঠ কাঠিন্য আৰু IBS ৰোগত উপকাৰী।

★কচুত প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে।

★ৰক্তহীনতা ৰোগত কচু অতি উপকাৰী। কচুত প্ৰচুৰ পৰিমাণে আইৰণ,ভিটামিন বি৬ আৰু ফলেট থাকে।

★গর্ভীৱতী মহিলাই মাজে–সময়ে কচু শাক খাব লাগে৷ কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে৷ ইয়াৰ উপৰি ভ্রূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট উপকাৰী ৷

★কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন আৰু আহে কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★ছালৰ উন্নতি সাধন- ভিটামিন-এ আৰু ভিটামিন-ইৰ বাবে ছালৰ যি কোনো আচোঁৰ সোনকালে শুকায়, ছাল সোঁতোৰা পৰিব নিদিয়ে আৰু কমনীয়তা বঢ়ায়৷ বয়সৰ চাপ পৰিব নিদিয়ে৷

★উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।আৰু ইয়াত থকা ভিটামিন বি৬ এ হ’ম’চিষ্টিন নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক হোৱাত বাধা প্ৰদান কৰে।

★ভিটামিনৰ অভাৱত বা বীজাণু সংক্ৰমণ জনীত মুখত ঘাঁ হ’লে কচু খালে সুফল পোৱা যায়। হালধি পাতত থুৰি কচু, জালুক কেইটামান, নহৰু কেইফুটামান,নেমুৰ আগ দুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে।

★ডায়েবেটিজৰ নিয়ন্ত্ৰণত সহায়ক- ডায়েটেৰী ফাইবাৰে ইনচুলিন আৰু গ্লোক’জ মেটালিজমত প্ৰভাৱ পেলায়৷ উল্লেখযোগ্যযে কচুৰ শিপাৰ গ্লাইচেমিক ইনডেস্ক অতি কম৷

Exit mobile version