ক’ভিড আক্ৰান্ত হোৱাৰ পাছতো শ্বুটিং,পুলিচৰ অভিযোগ অভিনেত্ৰী গৌহৰৰ বিৰুদ্ধে

Gauahar Smile

অভিনেত্ৰী গৌহৰ খানৰ বিৰুদ্ধে পুলিচৰ ওচৰত অভিযোগ দাখিল কৰিলে বৃহনমুম্বাই পৌৰ নিগমে। অভিযোগ অনুসৰি ,কৰ’নাত আক্রান্ত হোৱাৰ পাছতো দৃশ্যগ্ৰহণ ত গৈছে অভিনেত্ৰীগৰাকী।

নিয়ম অনুসৰি, ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত হোম কোৱাৰেন্টাইণ্ট থকাৰ কথা । কিন্তু বিএমচি বিষয়াসকলে অভিনেত্ৰীগৰাকীৰ ঘৰত তেওঁক বিচাৰিবলৈ তেওঁ ঘৰত নাছিল ।

বিএমচিৰ এজন বিষয়াই কয় যে যেতিয়া তেওঁ অন্ধেৰিত গৌহৰৰ ঘৰলৈ যায়, তেওঁ দৰ্জা খোলা নাছিল। জানিব পৰা গ’ল যে অভিনেত্ৰীগৰাকী ঘৰত নাথাকি শ্বুটিং কৰবলৈ গৈছে। তাৰ পাছতে বিএমচিয়ে ওচিয়াৰা আৰক্ষী থানাৰ স’তে যোগাযোগ কৰে।

গৌহৰৰ নাম উল্লেখ নকৰাকৈ বিএমচিয়ে এটা টুইট কৰিছে। টুইটত লিখা হৈছে, ‘চহৰখনৰ সুৰক্ষাত কোনো বুজাবুজি নাই। ক’ভিডৰ দ্বাৰা আক্ৰমণ কৰাৰ পাছতো নিয়ম বোৰ পালন নকৰাৰ বাবে বলিউডৰ এগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

নিয়মবোৰ সকলোৰে বাবে একে। আমি চহৰখনৰ জনসাধাৰণক ক’ভিড নিৰ্দেশনা অনুসৰণ কৰিবলৈ আৰু ভাইৰাছটো পৰাজিত কৰাত সহায় কৰিবলৈ অনুৰোধ কৰোঁ’।

বলিউডত পুনৰ কৰ’নাত সংক্ৰমিত হৈছে তাৰকাসমূহ । ৰণবীৰ কাপুৰ, সঞ্জয় লীলা ভন্সালী, মনোজ বাজপেয়ী, তাৰা সুতাৰিয়া আৰু সিদ্ধান্ত চতুৰ্বেদীৰ দৰে তাৰকাসকলো যোৱা কেইদিনমানত ক’ৰনাত আক্ৰান্ত হৈছে।

Exit mobile version