বাের্খা নিষিদ্ধ কৰিব বিচাৰে শ্ৰীলংকাই

Munich 619265

দেশৰ নিৰাপত্তাৰ স্বাৰ্থত মুছলমান মহিলাৰ বােখা পৰিধানত নিষেধাজ্ঞা আৰােপ কৰিব বিচাৰিলে শ্রীলংকাই। তদুপৰি দেশখনত থকা এহেজাৰৰাে অধিক মাদ্রাছাও বন্ধ কৰিবলৈ সাজু হৈছে গােটাবায়া ৰাজাপক্ষ চৰকাৰ।

শ্রীলংকা চৰকাৰৰ দাবী অনুসৰি ৰাষ্ট্ৰীয় সুৰক্ষা নীতিক আওকাণ কৰি এইসমূহ মাদ্রাছাত শিক্ষাদান কৰা হৈছে। শ্রীলংকাৰ জনসুৰক্ষা মন্ত্রী শৰৎ বীৰশেখৰে সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি জনােৱা মতে, বােখা নিষিদ্ধকৰণ আৰু মাদ্ৰাছা বন্ধ কৰাৰ বাবে প্রস্তাৱ ইতিমধ্যে কেবিনেটলৈ প্ৰেৰণ কৰা হৈছে আৰু কেবিনেটত
অনুমােদিত হলে এই নিষেধাজ্ঞা বলৱৎ হ’ব।

Exit mobile version