বি .কম পাছ নীতা আম্বানীক অতিথি অধ্যাপক হোৱাৰ প্ৰস্তাৱত বিতৰ্ক

813015 00 nita ambani

বানাৰছ হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ)ত অতিথি অধ্যাপক হিচাপে শিক্ষা দান কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল মুকেছ আম্বানীৰ পত্নী ৰীতা অম্বানীক । যোৱা ১২ মাৰ্চত বিশ্ববিদ্যালয়ৰ সামাজিক বিজ্ঞান শাখাৰ দ্বাৰা তেওঁক এই প্ৰস্তাৱটো প্ৰদান কৰা হৈছিল।তেতিয়া স্নাতক নিতাই কি যোগ্যতাত বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰিব তাক লৈও বিতৰ্কৰ আৰম্ভ হয়।

কিছুমানে প্ৰশ্ন কৰিছিল যে তেওঁ দেশৰ আটাইতকৈ ধনী উদ্যোগপতিৰ পত্নী হোৱাৰ বাবেই তেওঁক অধ্যাপনাৰ সুযোগ দিয়া হৈছে নেকি?বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে নীতাই মুলত মানৱ অধ্যয়নৰ পাঠ শিকাব যাৰ অধীনত মহিলাৰ জীৱনৰ মানদণ্ড উন্নত কৰাই গুৰুত্ব দিয়া হ’ব।

সংবাদ মাধ্যমৰ এক উৎস অনুসৰি, নীতাই মৌখিকভাৱে তেওঁলোকৰ প্ৰস্তাৱত সন্মত হৈছিল। কিন্তু লিখিত সন্মতি পত্ৰখন এতিয়াও অহা নাই। তেওঁ ইয়াক হাতত পোৱাৰ লগে লগে, তেওঁৰ বক্তৃতাৰ বাবে এখন পৃথক ৰোটিন প্ৰস্তুত কৰা হ’ব। নিতাক সামাজ বিজ্ঞান বিভাগত পালে বেনাৰছকে ধৰি পূবত মহিলাসকলৰ জীৱনৰ মানদণ্ড উন্নত হ’ব বুলি আশাবাদী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ।

মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যশাখাত স্নাতক ডিগ্ৰী নিতা। তেওঁ এগৰাকী ভাৰতনাট্যমৰ বিশেষজ্ঞও। ২০১৪ চনত ৰিলায়েন্স উদ্যোগৰ কাৰ্যবাহী সঞ্চালক নিযুক্ত হয় নীতা। ২০১০ চনৰ পৰা এক অলাভজক সংগঠন ৰিলায়েন্স ফাউণ্ডেচনৰ স’তেও জড়িত হৈ আছে নীতা । কিন্তু বিশ্ববিদ্যালয়ত অধ্যাপনাৰ বাবে এই সকলোবোৰ প্ৰয়োজন হয় জানো?তাক লৈয়ে এতিয়া আৰম্ভ হৈছে বিতৰ্ক ।

Exit mobile version