সংক্রমণ বৃদ্ধি : এইবাৰ তলাবন্ধ হ’ল ডেৰাডুনত

দেশৰ বিভিন্ন অঞ্চলত কৰ’না ভাইৰাছৰ নতুন সংক্রমণে প্রশাসনক চিন্তিত কৰি তুলিছে। ডেৰাডুনতাে কৰনাৰ সংক্রমণ বৃদ্ধি প্রতি লক্ষ্য ৰাখি প্রশাসনে তলাবন্ধৰ পথ গ্রহণ কৰিবলৈ বাধ্য হ’ল। মুছৌৰী চহৰৰ একাধিক অঞ্চলত নতুনকৈ সম্পূর্ণ তলাবন্ধ প্রশাসনে ঘােষণা কৰিলে।

ADVERTISEMENT

চহৰৰ গালৱে কটেজ, ছেন্ট জর্জ স্কুল, বালুগঞ্জ অঞ্চলত প্রশাসনে সম্পূর্ণ তলাবন্ধৰ নির্দেশ দিলে। মুছৌৰীৰ এইসমূহ অঞ্চলত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সকলােবােৰ কাম-কাজ বন্ধ থাকিব। অঞ্চলটোৰ বাসিন্দাসকলকো ঘৰৰ পৰা বাহিৰ
নােলাবলৈ নিষেধাজ্ঞা আৰােপ কৰা হৈছে।

Exit mobile version