আমেৰিকাক কীম ভগ্নীয়ে ক’লে ‘উত্তৰ কোৰিয়ালৈ চকু দিলে নিদ্ৰাহৰণ কৰিম’

117588831 gettyimages 951833242

এইবাৰ আমেৰিকাক ধমক দিলে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনৰ ভগ্নী কীম য়’ জঙে। উত্তৰ কোৰিয়াৰ বিৰুদ্ধে কোনাে পদক্ষেপ গ্রহণ কৰিলে আমেৰিকাৰ নিদ্ৰাহৰণ কৰা হ’ব বুলি ভাবুকি দিলে কীম ভগ্নীয়ে।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনৰ প্রতিনিধিয়ে ইতিমধ্যে ঘটনাক্রমে টকিঅ’ আৰু ছিউল ভ্রমণ কৰিলে। পেন্টাগনৰ মুৰব্বী লয়েড অষ্ট্রিন আৰু গৃহ সচিব এন্টনি ব্লিনকেনে সোমাবাৰে জাপানত উপস্থিত হৈছিল।

প্রকাশিত বাতৰি অনুসৰি চীন আৰু উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ৰণনীতি নির্ধাৰণৰ বাবে বাইডেন প্রশাসনৰ শীর্ষ প্রতিনিধিয়ে জাপান, দক্ষিণ কোৰিয়া ভ্ৰমণৰ কাৰ্যসূচী গ্রহণ কৰিছে। এই খবৰ প্ৰকাশৰ পাছতে প্রতিক্রিয়া প্ৰকাশ কৰিলে কীম ভগ্নী জঙে।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদপত্র ‘ৰডং চিনাম’ত প্রকাশিত বাতৰি অনুসৰি কীম ভগ্নীয়ে নাম উল্লেখ নকৰাকৈ বাইডেনক ভাবুকি দি কয়, ‘আগন্তুক চাৰি বছৰ যদি নিশ্চিন্ত মনৰে নিদ্রাগ্ৰহণ কৰিব বিচাৰে, তেন্তে আমালৈ দৃষ্টি নিদিব। যদি তেনে কাম কৰে, তেন্তে নিদ্ৰাহৰণ কৰিম।’ উল্লেখ্য যে বাইডেন আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচিত হােৱাৰ পাছতে কীমে আমেৰিকাক উত্তৰ কোৰিয়াৰ সবাতােকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰিছিল।

Exit mobile version