পাঠশালাত আজি নামিল একেলগে ছয়খনকৈ হেলিকপ্তাৰ

ৰনজিৎ কুমাৰ দাসক সংগ দিবলৈ হেলিকপ্তাৰ আৰু নেতাৰে ভৰি পৰিল

WhatsApp Image 2021 03 17 at 8.10.37 PM

পাঠশালাৰ আকাশত আজি একেদিনাই একেটা অনুষ্ঠানৰ বাবে নামি পৰিল অভিলেখ সংখ্যক ছয়খনকৈ হেলিকপ্তাৰ l পাটাছাৰকুছি সমষ্টিৰ হাই প্ৰ’ফাইল প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীকে আদি কৰি ৰাজ্য আৰু কেন্দ্ৰৰ কে’বাগৰাকী নেতা পাঠশালাত এনেদৰে নামি পৰিল হেলিকপ্তাৰৰ পৰা l

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰ, ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, অতুল বৰা, কেশৱ মহন্ত, বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, অভিনেতা যতীন বৰাসহ ছয়খনকৈ হেলিকপ্তাৰ আজি পাঠশালাত অৱতৰন কৰে l

ৰণজিৎ কুমাৰ দাসৰ এনে বিশাল প্ৰক্ৰিয়াৰে মনোনয়ন পৰ্ব দাখিল প্ৰক্ৰিয়াত আহিব লগা হেলিকপ্তাৰক কেন্দ্ৰ কৰি বজালী জিলাৰ আৰক্ষী প্ৰশাসন বহু বেছি ব্যস্ত হ’বলগীয়া হয় l বিশেষকৈ কিমানখন হেলিকপ্তাৰ আহিব সেই সন্দৰ্ভত কালি দিনৰ ভাগলৈ বজালী জিলা আৰক্ষী প্ৰশাসন জ্ঞাত নাছিল যদিও আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে হেলিকপ্তাৰসমূহ অৱতৰন কৰা স্থান নিৰ্ধাৰণ কৰি সুকলমে নিজৰ দায়িত্ব পালন কৰে l

উল্লেখযোগ্য যে, আজি পাঠশালাত একেটা দিনতে চমক সৃষ্টি কৰি ছয়খন কৈ হেলিকপ্তাৰ নামি পৰা বিষয়টো যথেষ্ট চৰ্চিত হোৱা পৰিলক্ষিত হৈছে l

Exit mobile version