ভাৰতত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ

মুখ্যমন্ত্ৰীসকলৰ স'তে আলোচনাত মিলিত প্ৰধানমন্ত্ৰী মোদী

kerala coronavirus covid19 120

ইতিমধ্যে মহাৰাষ্ট্ৰত কৰ’না অতিমাৰীৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । মধ্যপ্ৰদেশৰ পৰিস্থিতিও উদ্বেগজনক । নতুনকৈ সংক্ৰমণ বৃদ্ধি পাইছে দক্ষিণৰ ৰাজ্য কেৰালা-তামিলনাডুটো । দেশত নতুনকৈ কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈঠকত মিলিত হয় । বৰ্দ্ধিত কৰ’না সংক্ৰমণ আৰু টিকাকৰণ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযুগে মুখ্যমন্ত্ৰীসকলৰ স’তে আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ।

ADVERTISEMENT

ভাৰ্চুৱেল সভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতৰ প্ৰায় ৭০খন জিলাত ১৫০ শতাংশতকৈও অধিক হাৰত সংক্ৰমণ বৃদ্ধি পাইছে । তেওঁ কয়, ‘আমি কৰ’না সংক্ৰমণ এতিয়াই ৰোধ নকৰিলে দেশজুৰি ইয়াৰ সংক্ৰমণ ‌বৃদ্ধি পাব পাৰে । সিদ্ধান্তমূলক পদক্ষেপ গ্ৰহণ কৰি কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌক ৰোধ কৰিব লাগিব ।’

তেওঁ লগতে কয়, ‘আমি কৰ’নাৰ স’তে যুঁজত যি আত্মবিশ্বাস অৰ্জন কৰিছো সেই আত্মবিশ্বাসক অতিৰিক্ত আত্মবিশ্বাসত পৰিণত নকৰাই উচিত । আমাৰ সফলতাই অসাৱধানতাৰ কাৰণ হ’ব নালাগে ।’

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, পৰীক্ষণৰ ৭০ শতাংশৰো অধিক হ’ব লাগে আৰটিপিচিআৰ । ৰাজ্যসমূহ ৰেপিড এণ্টিজেন টেষ্টৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে । আমি পৰীক্ষণ, ট্ৰেক আৰু চিকিৎসা কৌশলত সক্ৰিয় হ’ব লাগিব ।

ভাৰতত বিগত ছয় দিনত দৈনিক সংক্ৰমণৰ সংখ্যা ২০ হেজাৰৰো অধিক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২৪ হেজাৰ ৪৯২ জন লোক ক’ভিড আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ১৫ হেজাৰৰো অধিক মহাৰাষ্ট্ৰৰ ।

কেন্দ্ৰৰ পৰ্যৱেক্ষক দলে স্বীকাৰ কৰিছে যে, মহাৰাষ্ট্ৰত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছৈ  । দলটোৰ ৰিপ’ৰ্ট অনুযায়ী, ক’ভিড ৰোগীসকলক চিহ্নিত কৰাত, পৰীক্ষণত আৰু আক্ৰান্তসকলৰ পৃথক চিকিৎসা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গাফিলতি কৰিছে । কেন্দ্ৰীই কৰ’নাৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণ কৰিবলৈ ক’ভিড নীতি আখৰে আখৰে পালন কৰিবলৈ পৰামৰ্শ দিয়ে ৰাজ্য চৰকাৰক ।

মহাৰাষ্ট্ৰৰ মুখ্য সচিব কুন্তেকে লিখা পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজিৱ ভূষণক অতি শীঘ্ৰে আৰটিপিচিআৰ পৰীক্ষণ বৃদ্ধি কৰিবলৈ জোৰ দিয়া হৈছে । প্ৰতিটো পৰীক্ষণত অন্ততঃ ৭০টা আৰটিপিচিআৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । লগতে, সংক্ৰমণৰ সংখ্যা হ্ৰাস কৰিবলৈ আক্ৰান্ত লোকজনৰ সংস্পৰ্শত অহা ৩০ জন লোকক পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

Exit mobile version