মহাজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান আফজাল খানৰ

WhatsApp Image 2021 03 17 at 6.35.34 PM

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ‌ । ইতিমধ্যে নিৰ্বাচন আয়োগে অসমত তিনিটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিল ইতিমধ্যে সমাপ্ত হৈছে।

অসম বিধানসভা নির্বাচনৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে মহাজোঁটৰ অংশীদাৰী দলসমূহ । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ফকিৰাগ্ৰাম টাউন ব্লক কংগ্রেছ কমিটিৰ সভাপতি আফজাল খানে কয় যে, কংগ্রেছ হাইকামাণ্ডে যি মহাজোঁটবন্ধন কৰিছে তাক মই শুভেচ্ছা জনাইছো । ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থী হিচাপে বিপিএফৰ ৰবিৰাম নাৰ্জাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে তেওঁকো শুভেচ্ছা জ্ঞাপন কৰে।

সকলো ৰাইজকে এইবাৰ অসমৰ পৰা বিজেপিক উৎখাত কৰি মহাজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় । লগতে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈও আহ্বান জনায় ।

Exit mobile version