যান – যটৰ সম্ভাৱনা দূৰ কৰিবৰ বাবে যানবাহন চলাচলৰ সুবিধাৰ্থে মহানগৰীত পথ পৰিবৰ্তন

1613364446 euo uj3wyaimmsa

আগন্তক বিধান সভাৰ নিৰ্বাচনৰ মনােনয়ন পত্র দাখিলৰ পৰিপেক্ষিতত যান-যটৰ সম্ভাৱনা দূৰ কৰিবৰ বাবে অহা ইং ১৮/১৯ মাৰ্চৰ পূৱা আঠ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ যানবাহন চলাচলৰ সুবিধার্থে পথ পৰিবৰ্তন কৰা হৈছে।

★উলুবাৰী ফালৰ পৰা জালুকবাৰী অভিমুখী যানবাহন সমূহ এ টি ৰোড হৈ যাব পাৰিব।

★চান্দমাৰী ফালৰ পৰা জালুকবাৰী অভিমুখী যানবাহন সমূহ জিএনবি ৰোড হৈ জিলা পুথিভঁৰাল, আৰ বি আই পইণ্ট হৈ পানবজাৰ উৰনীয়া সেতুৰে হৈ যাব পাৰিব।

★পল্টনবজাৰ ফালৰ পৰা অহা কিছু সংখ্যক বাহন এম এল এন ৰোড হৈ পানবজাৰ পুলিচ পইণ্ট হৈ এইছ.বি ৰোড হৈ ভৰলুমুখৰ ফালে যাব পাৰিব।

★জালুকবাৰী-ভৰলুমুখ ফালৰ পৰা চান্দমাৰী-নুনমাটি-দিশপুৰ অভিমুখে যােৱা যানবাহন সমূহ ভৰলুমুখৰ এপ’ল পইণ্ট হৈ পানবজাৰ এইছ বি ৰোড অথবা এ.টি ৰোড হৈ যাব পাৰিব।

★উজানবজাৰ খাৰঘূলী ফালৰ পৰা পানবজাৰ অভিমুখে অহা যানবাহন সমূহ টাইবুলা পথ হৈ জি এন বি ৰোড, আৰ বি আই পইণ্ট হৈ এ টি ৰোড অথবা এম এল এন ৰোড হৈ এইছ বি ৰোড পানবজাৰ হৈ ভৰলুমুখৰ ফালে যাব পাৰিব।

Exit mobile version