সম্পূৰ্ণ ব্যক্তিগতকৰণ কৰা নহয় ৰে’লঃ ৰে’লমন্ত্ৰী গয়াল

1200px Поезд на фоне горы Шатрище. Воронежская область

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অহাৰ পাছতেই দেশজুৰি বিভিন্ন ৰুটত ১৫১খন ৰে’ল ব্যক্তিগতকৰণ কৰা হ’ল । ৰেল’ৰ অব্যৱহৃত ভূমি সংস্কাৰ সাধনৰ উদ্দেশ্যে নতুন দিল্লী, মধ্যপ্ৰদেশৰ হবিবগঞ্জ ষ্টেচনো ব্যক্তিগত কৰা হৈছে । লগতে, আইআৰচিটিচি-ৰ অধীনস্থ সংস্থাৰ শ্বেয়াৰ বজাৰত মুক্ত কৰা হৈছে ।

কংগ্ৰেছসহ বিৰোধী দলসমূহৰ অভিযোগ, ৰে’লক ব্যক্তিগতকৰণৰ প্ৰচেষ্টা চলাইছে মোদী চৰকাৰে । কালিৰ পৰা লোকসভাত আৰম্ভ হোৱা ৰে’ল মন্ত্ৰণালয়ৰ বাজেট আৱন্তন সংক্ৰান্ত বিতৰ্ক, চৰকাৰৰ ৰে’লক ব্যক্তিগতকৰণৰ কৌশলৰ বিৰুদ্ধে সৰৱ হৈছে বিভিন্ন দলৰ সাংসদসকল ।

কংগ্ৰেছ সাংসদ ৰবনীত সিং বেংকৰ পৰা ৰে’ল লৈকে চৰকাৰৰ সকলো ক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ নীতিৰ সমালোচনাত সৰৱ হয় । তেওঁ ব্যক্তিগতকৰণৰ ফলত চৰকাৰী সম্পত্তি মুক্ত হোৱাৰ লগতে লক্ষাধিক লোক নিবনুৱা হ’ব বুলি মত প্ৰকাশ কৰে ।

আজি বিতৰ্কৰ সন্দৰ্ভত ৰে’লমন্ত্ৰী পীযুষ গয়ালে স্পষ্টভাৱে কয় যে, তেওঁ বা তেওঁৰ চৰকাৰ কোনোৱে ৰে’ল ব্যক্তিগতকৰণৰ সমৰ্থনত নাই । কিন্তু দক্ষতাৰ স্বাৰ্থত ৰে’লত ব্যক্তিগত বিনিয়োগ অহা উচিত বুলি মত প্ৰকাশ কৰে তেওঁ । গয়ালে কয়, ‘ৰে’ল প্ৰত্যেক ভাৰতীয়ৰ সম্পত্তি । সেয়ে ৰে’লৰ কেতিয়াও ব্যক্তিগতকৰণ নহ’ব । অনাগত দিনটো ৰে’ল চৰকাৰৰ দখলতে থাকিব ।’

লগতে, ৰে’লৰ সাৰ্বজনীন সংস্কাৰ আৰু পৰিকাঠামো উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগত ক্ষেত্ৰৰ স’তে একজোট হৈ চলা প্ৰয়োজন বুলি সৰৱ হয় ৰে’ল মন্ত্ৰীগৰাকী । তেওঁ কয়, চৰকাৰী আৰু ব্যক্তিগত ক্ষেত্ৰ পৰস্পৰে একজোট হৈ চলিলে দেশৰ বৃদ্ধিৰ লেখচিত্ৰ ঊৰ্ধ্বমুখী হয় । কৰ্মসংস্থাপনৰ মানো বৃদ্ধি হ’ব ।’

চৰকাৰে ৰে’লৰ বিষয়ত কিমান গুৰুত্ব আৰোপ কৰে সেই বিষয়ত ৰে’লমন্ত্ৰী গয়ালে কয়, ‘২০১৯-২০ আৰ্থিক বৰ্ষত ৰে’লৰ আৱন্তন আছিল ১.৫ লাখ কোটি টকা । এই বছৰ বৃদ্ধি কৰি কৰা হৈছে ২.১৫ লাখ কোটি টকা । ইয়াৰ দ্বাৰাই বুজিব পাৰি যে, চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ মন্ত্ৰণালয় হৈছে ৰে’ল । ভাৰতীয় ৰে’লৰ সামগ্ৰিক উন্নতিৰ বাবে চৰকাৰ দায়বদ্ধ ।’

Exit mobile version