ৰনজিৎ দাসক নিশ্চিত জয়ী ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে পিন্ধালে গামোচা

পাঠশালাত মুখ্যমন্ত্ৰী আৰু ৰণজিৎ দাসৰ পদযাত্ৰা

WhatsApp Image 2021 03 17 at 8.10.37 PM 1 1

ৰণজিৎ কুমাৰ দাসে পাটাছাৰকুছি সমষ্টিত অভিলেখ সংখ্যক ভোটত জয়ী হ’ব আৰু সেইবাবে তেওঁক এতিয়াই আপোনালোকৰ সন্মতি আৰু সহায় অনুসাৰে মই ৰণজিৎ দাস ডাঙৰীয়াক আগতীয়াকৈ গামোচা পিন্ধাব বিচাৰিছো l এই মন্তব্যৰে পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত আজি “ৰণজিৎ কুমাৰ দাস জিন্দাবাদ” ধ্বনি দি পাঠশালাবাসী ৰাইজক সাক্ষী কৰি দাসক গামোচাৰে সম্ভাষণ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে l

এনে ক্ষণতে আজি যেন এক প্ৰকাৰ বিজেপিময় হৈ পৰে পাঠশালাৰ লগতে সমগ্ৰ পাটাছাৰকুছি অঞ্চল l বিপুল সংখ্যক ৰাইজৰ লগতে দলীয় নেতা কৰ্মীৰ সহযোগত আজি মনোনয়ন পত্ৰ দাখিল কৰে  পাটাছাৰকুছিৰ বিজেপিৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসে । য’ত সমাৱেশ ঘটে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাজ্যৰ কে’বা গৰাকীও প্ৰভাৱশালী নেতা আৰু সংস্কৃতিক কৰ্মীৰ ।

মুখ্যমন্ত্ৰী সোনোৱালে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ খেলপথাৰত পদাৰ্পন কৰি ৰণজিৎ দাসৰ স’তে  পাঠশালা নগৰত পদযাত্ৰা  কৰে আৰু পাঠশালাবাসীয়ে তেওঁলোকক ভৰপূৰ অভিনন্দন জনায় । ইয়াৰ পাছতে  মুখ্যমন্ত্ৰী সোনোৱালে পাঠশালা হৰিমন্দিৰ প্ৰাংগনত এখন জনসভাত অংশগ্ৰহণ কৰে আৰু সম্বৰ্ধনা গ্ৰহণ কৰে l তেনে ক্ষণতে নিজে “ৰণজিৎ কুমাৰ দাস জিন্দাবাদ” ধ্বনি দি  তেওঁক আজিয়েই জয়ী হ’ব বুলি ঘোষণা কৰি গামোছা পিন্ধায়  l

মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎকাৰত নিশ্চিতভাৱে বিজেপি চৰকাৰ আৰু ৰণজিৎ দাস জয়ী হ’ব বুলি ঘোষণা কৰাৰ লগতে অনাগত সময়ত পাটাছাৰকুছি সমষ্টিত ভাবিব নোৱাৰা উন্নতি হ’ব বুলি আশ্বাস  প্ৰদান কৰে l লগতে কংগ্ৰেছ আৰু এআইইউডিএফক সমূলি উৎখাত কৰিব লাগে বুলিও হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে l উক্ত সভাৰ  পাছতে মুখ্যমন্ত্ৰী সোনোৱালে পাঠশালাৰ প্ৰত্যাৱৰ্তন কৰে l

পাঠশালাৰ চৌখুটী হাইস্কুল খেল পথাৰত  বিজেপিৰ এখন বিশাল জনসভা অনুষ্ঠিত কৰা হয় l য’ত বিটিচি প্ৰধান প্ৰমোদ বড়ো, ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী ফণিভূষন চৌধুৰী,  কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰ, বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভুঞাঁ, ৰূপম গোস্বামী, অভিনেতা যতীন বৰা আদি উপস্থিত হৈ ৰণজিৎ দাসৰ সমৰ্থনত প্ৰচাৰ চলায় l

ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ পাটাছাৰকুছিত ৰণজিৎ কুমাৰ দাস বিপুল ভোটত জয়ী হ’ব বুলি কোৱাৰ লগতে এইবাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ ফলাফল শূণ্য হ’ব কিন্তু ২০২৬তহে তেওঁলোকৰ ভাল হ’ব বুলি কয় l একেখন মঞ্চতে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিঙ ট’মৰ, বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, পৱন শৰ্মা আদি নেতাই ৰণজিৎ কুমাৰ দাসৰ হকে প্ৰচাৰ চলাই ৰাইজক ভোট দিবলৈ আহ্বান জনায় l

ইয়াৰ পাছতে সভা সমাপ্ত নৌহওঁতেই ৰনজিৎ কুমাৰ দাসে বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰী আৰু অগপ নেতা ৰাতুল ৰয়ৰ স’তে বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে l আজি ৰণজিৎ কুমাৰ দাসক শুভেচ্ছা জনাবলৈ উপস্থিত হয় অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত । তেওঁলোকক সংগ দিয়ে মন্ত্ৰী ফনিভূষন চৌধুৰীয়ে l

তিনি অগপ মন্ত্ৰীয়ে ৰণজিৎ দাসক আজি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পাটাছাৰকুছিৰ অগপ কৰ্মীসকলক ৰণজিৎ দাসৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় l এনেদৰেই আজি ৰণজিৎ কুমাৰ দাসে চমক সৃষ্টি কৰি সম্পন্ন কৰে নিজৰ মনোনয়ন পত্ৰ পৰ্ব l

Exit mobile version