প্ৰাৰ্থীত্ব নোপোৱাত জনীয়া কংগ্ৰেছত তীব্ৰ ক্ষোভ, সাংসদ আব্দুল খালেক আৰু হাইকমাণ্ডৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ

সমূহীয়া পদত্যাগৰ হুংকাৰ কংগ্ৰেছৰ

congress

ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ বলিছে যদিও জনীয়া সমষ্টিত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। যি সময়ত বিভিন্ন দলৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰাৰ বাবে হেতা ওপৰা লগাইছে তেনে সময়ত জনীয়া সমষ্টিৰ কংগ্ৰেছৰ পঞ্চায়ত প্ৰতিনিধি, নেতা, কৰ্মী আৰু সমৰ্থক সকলে হাই কমাণ্ডৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা দেখা গৈছে।

টকাৰ বিনিময়ত জনীয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়া হোৱা নাই বুলি অভিযোগ তোলাৰ লগতে মহাজোঁট নেতৃত্ব ই জনীয়াৰ পৰা কংগ্ৰেছ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। উত্তেজিত কংগ্ৰেছী সকলে নিজ সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থী দিব নোৱাৰা সাংসদ আব্দুল খালেকৰ যোগ্যতাৰ ওপৰতো নানান প্ৰশ্নৰ অৱতাৰণা কৰিছে আনকি বিভিন্ন ধৰনে সমালোচনা কৰিছে।

ইফালে সন্ধিয়াৰ ভিতৰত হাইকমাণ্ডে জনীয়াত কংগ্ৰেছ প্ৰদান নকৰিলে সকলো পঞ্চায়ত প্ৰতিনিধি, পেৰেন্ট কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ সকলো বিষয়ববীয়াই সমূহীয়া পদত্যাগ কৰি প্ৰয়োজনত বিজেপি দলত ভোট প্ৰদান কৰিব বুলি তীব্ৰ হুংকাৰ প্ৰদান কৰে ।

Exit mobile version