সামাজিক মাধ্যম কিয় ত্যাগ কৰিলে মহাতাৰকা অভিনেতা আমিৰে?

unnamed

বলিউডৰ মহাতাৰকা অভিনেতা আমিৰ খানে কেইমাহমান পূর্বে ছ’চিয়েল মিডিয়া ত্যাগ কৰাৰ কথা ঘােষণা কৰিছিল। অৱশ্যে অভিনেতাজনে সাময়িকভাৱে সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিব বুলি সেই সময়ত কৈছিল।

কিন্তু কিয় আমিৰে সামাজিক মাধ্যম ত্যাগ কৰিছিল? এই সন্দৰ্ভত এক ভিডিঅ’ৰ জৰিয়তে উত্তৰ দি আমিৰে কয় যে তেওঁ পূর্বৰে পৰা সামাজিক মাধ্যমত বিশেষভাৱে সক্রিয় নাছিল আৰু সেয়েহে এই মাধ্যম ত্যাগৰ সিদ্ধান্ত লৈছিল।

মই নিজৰ জগতত বাস কৰিবলৈ ভাল পাওঁ। ছ’চিয়েল মিডিয়াত মই কেতিয়া আছিলাে? মই অনুভৱ কৰিছিলাে যে যিহেতু মই সাধাৰণতে কোনাে ধৰণৰ প’ষ্ট নকৰাে, সক্রিয় হৈ নাথাকো, তেন্তে মই সামাজিক মাধ্যমত থকাৰ প্ৰয়ােজন কি?

সামাজিক মাধ্যমত নাথাকিলেও মই আপােনালােকৰ আশে পাশে আছাে। সামাজিক মাধ্যম নথকা সময়তাে আমি ইজনে-সিজনৰ স’তে যােগাযােগ ৰাখিছিলাে, এতিয়াও ৰাখিছাে। আমিৰে এইদৰে কয়।

Exit mobile version