আজি ৪৮নং বকো বিধানসভা সমষ্টিৰ অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে মনোনয়ন পত্ৰ দাখিল কৰে ৷
ADVERTISEMENT
মনোনয়নপত্ৰ দাখিল কৰাৰ আগমুহূৰ্তত জ্যোতিপ্ৰসাদ দাসৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ভীৰ কৰি দাসক উস্ম আদৰণি জনাই ৷
অগপ নেতাগৰাকীয়ে ৩৬ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি সাংবাদিকসকলৰ আগত ব্যক্ত কৰে।
প্ৰাৰ্থীত্ব কেন্দ্ৰিক প্ৰতিবাদত বকো বিজেপিয়ে বকোৰ ৰাজপথ উত্তাল কৰি তোলাৰ পাছতো আজি অগপ প্ৰাৰ্থীগৰাকীক পূৰ্ণ সমৰ্থন জনাই মনোনয়ন পত্ৰ দাখিলত পূৰ্ণ সমৰ্থন আগবঢ়াই।
মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আমিনগাঁৱলৈ যাত্ৰা কৰাৰ পথত প্ৰাৰ্থীগৰাকীয়ে বিজেপি কাৰ্যালয়ত বিজেপি কৰ্ম-কৰ্তাসকলৰ স’তে মতবিনিময় কৰে। একেদৰে মন্দিৰ, মছজিদত আশীষ লয়।