প্ৰস্তাৱ লাভৰ কথা অস্বীকাৰ ৰিলায়েন্স ফাউণ্ডেচন-আম্বানী পত্নীৰ

নীতা আম্বানীক অতিথি অধ্যাপক পদ অর্পণক লৈ বিতর্ক বি এইচ ইউত

c21c754a a0db 4c3d ab92 6d285c43b91e

ৰিলায়েন্সৰ স্বত্বাধিকাৰী তথা ভাৰতৰ সবাতােকৈ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীক বেনাৰস হিন্দু বিশ্ববিদ্যালয় (বি এইচ ইউ)-এ অতিথি অধ্যাপক হিচাপে শিক্ষাদানৰ বাবে নিমন্ত্রণ জনােৱাক লৈ বিতর্ক সৃষ্টি হ’ল।

বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ তীব্র বিৰােধিতা কৰিলে বি এইচ ইউৰ ছাত্র-ছাত্ৰীয়ে। ছাত্ৰৰ মতে, এনে পদক্ষেপ ফলত বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু ভাবমূর্তিত আঘাত হনা হ’ব। বিশ্ববিদ্যালয় কর্তৃপক্ষই এক ভুল নিদর্শন সৃষ্টি কৰিব বিচাৰিছে বুলিও বিক্ষোভকাৰী ছাত্র-ছাত্রীয়ে অভিযােগ কৰিলে।

এই সন্দৰ্ভত একাংশ ছাত্র-ছাত্রীয়ে বি এইচ ইউৰ উপাচার্য ৰাকেশ ভাটনাগৰৰ বাসগৃহৰ বাহিৰত বিক্ষোভ প্রদর্শন কৰিছিল। প্রকাশিত বাতৰি অনুসৰি বিশ্ববিদ্যালয়খনৰ সমাজ বিজ্ঞান বিভাগৰ পৰা ৰিলায়েন্স ফাউণ্ডেচনলৈ এক নিমন্ত্রণ প্ৰেৰণ কৰি নীতা আম্বানীক মহিলা অধ্যয়ন কেন্দ্রত অতিথি অধ্যাপক হিচাপে নিয়ােগৰ প্রস্তাৱ দিছিল।

কিন্তু বি এইচ ইউৰ একাংশ ছাত্র-ছাত্রীয়ে আম্বানী পত্নীক অতিথি অধ্যাপক নিয়ােজিত কৰাৰ তীব্র বিৰােধিতা কৰিছে। অৱশ্যে ৰিলায়েন্স ফাউণ্ডেচনে বি এইচ ইউৰ পৰা এই সন্দৰ্ভত কোনাে প্রস্তাৱ লাভ কৰাৰ কথা অস্বীকাৰ কৰিলে। নীতা আম্বানীয়েও বি এইচ ইউৰ পৰা কোনাে প্রস্তাৱ লাভ কৰা নাই আৰু এয়া এক ভুৱা বাতৰি বুলি প্রতিক্রিয়া প্রকাশ কৰিছে।

Exit mobile version