কচুগাঁৱত কে’বা শতাধিক পুৰুষ মহিলাৰ ইউপিপিএল-ত যোগদান

নতুনকৈ যোগদান কৰা সকলক ফুলাম গামোচাৰে আদৰণি জনায় মনোৰঞ্জন ব্ৰহ্মই

WhatsApp Image 2021 03 19 at 5.30.32 PM 1

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে বিজেপি মিত্ৰ দল ইউপিপিএলেও ৷ মনোনয়ন দাখিলৰ পাছতে গোসাঁইগাঁও জিলা নিৰ্বাচনি বিষয়াৰ অধীনস্থ ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনিত প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে বিভিন্ন দলৰ পৰা যোগদান কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

আজি পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুগাঁৱত ইউপিপিএল দলৰ যোগদান সভাখনত বিপিএফ দলৰ লগতে অঞ্চলটোৰ পৰা প্ৰায় আঢ়ৈ শতাধিক পুৰুষ মহিলাই অন্যান্য দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷

উক্ত যোগদান কাৰ্য্যসূচীত পশ্চিম বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দিতা কৰা ইউপিপিএল দলৰ মনোনিত প্ৰাৰ্থী ব্ৰক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, নিৰ্বাচনৰ বাবে প্ৰচাৰ পূৰ্ণগতিত চলাই যোৱাৰ লগতে ৰাইজৰ আশীৰ্বাদ আৰু পূৰ্ণ সহযোগিতা আশা কৰে ৷

প্ৰাৰ্থী ব্ৰক্ষই অঞ্চলটোৰ বাট পথ, দলঙৰ লগতে বিদ্যালয়সমূহৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰাধান্য দিয়াৰ কথা প্ৰকাশ কৰে ৷ সকলো জনগোষ্ঠীক সম-অধিকাৰ আৰু সম-উন্নয়নৰ বাবে ৰাইজৰ সেৱা কৰাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি প্ৰমোদ বড়োৰ প্ৰতি আকৃষ্ট হৈ আজি ইউপিপিএলত যোগদান কৰাসকলৰ অধিকাংশই বিপিএফৰ বুলি কৰে ৷

উক্ত যোগদান সভাখনত ইউপিপিএলৰ কে’বাগৰাকী জিলা পৰ্যায়ৰ নেতাৰ লগতে ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী সোমনাথ নাৰ্জাৰী উপস্থিত থাকি নৱ যোগদানকাৰীসকলক আৰ’নাই আৰু ফুলাম গামচাৰে আদৰণি জনায় ।

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত প্ৰাৰ্থী দ্বয়ৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমাতাৰী, দোতমা সমষ্টিৰ প্ৰাক্তন এমছিএলএ জ্যোতিৰইন্দ্ৰ ব্ৰহ্মও উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় ।

Exit mobile version