পোছাক বিতৰ্কত সৰৱ প্ৰিয়ংকা গান্ধী

nationwide 2021 03 f52939cd 106f 4229 ac7a 49bd0d95cd04 Priyanka

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিঙৰ ফটা জিন্স সন্দৰ্ভত কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত উত্তাল হৈ পৰে সামাজিক মাধ্যম । #rippedjeans ৰে সামাজিক মাধ্যম ভৰি পৰে । তাৰকা ৰাজনীতিবিদ সকলোৱে নিজৰ মত প্ৰকাশ কৰিছে এই মন্তব্যত । মুখ্যমন্ত্ৰীৰ মন্তব্যৰ  সমালোচনা কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চন, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, ৰণদ্বীপ সিং সুৰজেৱালা, কপিল ছিব্বল, তৃণমূল সাংসদ মহুৱা মৈত্ৰ প্ৰমুখে ।

মংগলবাৰে মুখ্যমন্ত্ৰী সিঙে দেহৰাদুনত ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা কমিছন আয়োজিত এখন ওৱৰ্কশ্বপত অংশগ্ৰহণ কৰে । ওৱৰ্কশ্বপত তেওঁ কয় যে, বিমানত ফটা জিন্স পৰিধান কৰা এগৰাকী মহিলাক দেখি বিস্মিত হয় । জিন্সৰ ফাঁকেদি মহিলাগৰাকীৰ আঠু দেখা গৈছিল । মহিলাগৰাকীয়ে তেওঁক কৈছিল যে, তেওঁ এটা স্বেচ্ছাসেৱী সংগঠন পৰিচালনা কৰে আৰু তেওঁৰ স’তে দুটি শিশুও আছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত কয়, ‘এনে ধৰণৰ মহিলাই যদি সমাজত ওলাই যায় মানুহক লগ কৰে তেওঁলোকৰ সমস‌্যা সমাধান কৰিবৰ বাবে, তেওঁলোকে সমাজত, শিশুসকলৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে ?’

কংগ্ৰেছ নেতা সঞ্জয় ঝায়ে কয়, ‘প্ৰিয় বিজেপি তেওঁ আপোনালোকৰেই মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱত‌ । আপোনালোকে এইটো সমৰ্থন কৰিব নে ?’

নৰেন্দ্ৰ মোদী, মোহন ভাগৱত, নিতিন গডকৰীসহ আৰএছএছ নেতাসকলৰ খাঁকী হাফপেণ্ট পৰিধান কৰা ছবি টুইটাৰত প’ষ্ট কৰি প্ৰিয়ংকা গান্ধীয়ে লিখে, ‘হে ভগৱান ! এওঁলোকৰ আঠু দেখা গৈছে ।’

Exit mobile version