অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে আজি অন্তিম দিনা মনোনয়ন দাখিল কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰি মহাজোঁটৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বিধায়িকা দাসে বিশাল সমদল কৰি বকোত উপস্থিত হয়।
ADVERTISEMENT
বকোত ৰাইজৰ অভিবাদন গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ প্ৰাৰ্থী দাসে । সমৰ্থকৰ উচাহৰ মাজত বিধায়িকাগৰাকীয়ে বিপুল ভোটৰ ব্যৱধানত এইবাৰো জয়যুক্ত হ’ব বুলি মন্তব্য কৰে। বকো সমষ্টিত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰি বকো সমষ্টি কংগ্ৰেছৰ দখলত থকাৰ লগতে কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ।
বকোত উপস্থিত হৈ সমৰ্থকৰ অভিবাদন লোৱাৰ পাছত মহাজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ভালুকঘাটা সত্ৰ আৰু ছমৰীয়া সত্ৰত আশিস লৈ সোণতলীলৈ ৰাওনা হয়।