সূৰ্যমুখী ফুলৰ বীজৰ উপকাৰিতা

sunflower

● সূৰ্যমুখী ফুলৰ বীজ ভিটামিন ই সমৃদ্ধ । ভিটামিন ই-য়ে চৰ্বিযুক্ত দ্ৰৱণীয় এণ্টিঅ’ক্সিডেণ্টসমূহ আৰু ৰোগ সৃষ্টি কৰা ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজত সহায় কৰে ।
● বীজত উপলব্ধ এণ্টি-ইনফ্লেমেটৰী বৈশিষ্ট্যবোৰে চৰ্দি-কাহ নিৰাময় কৰে ।
● বীজত থকা প্ৰচুৰ পৰিমাণৰ ডায়েটৰী ফাইবাৰে পেট ভালে ৰাখে । খাদ্য হজম কৰাত সহায় কৰে আৰু অতিৰিক্ত ক্ষুধাৰ সৃষ্টি কৰে ।

● বীজত উপলব্ধ ভিটামিন বি১ (থায়ামিন এক্সট্ৰেক্ট) আৰু ইলেকট্ৰ’লাইটবোৰে শৰীৰক সক্ৰিয় কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ শক্তি উৎপাদন কৰে ।
● বীজত থকা প্ৰয়োজনীয় ফেটী এচিড আৰু ফাইট’ষ্টেৰলবোৰে ক’লেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি ৰাখে ।

● ফাইট’ষ্টেৰলে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে ।
● ‌এই বীজ প্ৰয়োজনীয় ফেটী এচিডেৰে পৰিপূৰ্ণ যেনে – লাইন’লেনিক, অ’লেইক আৰু পামিটিক এচিড, যিয়ে ছালক মসৃণ কৰি ৰাখিবলৈ ক’লাজেন আৰু ইলাষ্টিন গঠন হোৱাত সহায় কৰে ।

Exit mobile version