ৰাজ্যৰ চৌদিশে এতিয়া বৈছে নিৰ্বাচনৰ গৰম বতাহ

উজনিৰ পাছত এতিয়া নামনিত বলিছে নিৰ্বাচনৰ গৰম বতাহ

WhatsApp Image 2021 03 19 at 12.50.05 PM

আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত ৪৮নং বকো বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দ্বীপজ্যোতি দাসে মনোনয়ন পত্ৰ দাখিল কৰিব ৷

মনোনয়নপত্ৰ দাখিল কৰাৰ আগমুহূৰ্তত দ্বীপজ্যোতি দাসৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ভীৰ কৰি দাসক উস্ম আদৰণি জনাই ৷

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে বকো সমষ্টিটোত প্ৰাক্তন বিধায়ক, বিধায়কৰ সৈতে যুদ্ধ কৰি বিপুল ভোটত জয় হ’ব বুলি দৃঢ়তাৰে সাংবাদিকসকলৰ আগত ব্যক্ত কৰে।

মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আমিনগাঁৱলৈ যাত্ৰা কৰাৰ পথত প্ৰাৰ্থীগৰাকীয়ে ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি বকোত শ্বহীদ বেদীত সেৱা লয়। কা আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী যুৱককো স্মৰণ কৰে।

একেদৰে যাত্ৰা পথত বকোৰ সাংবাদিক সকলৰ সৈতে বাৰ্তা লাভ কৰি শুভেচ্ছা গ্ৰহণ কৰে। যাত্ৰা পথত মন্দিৰ, মছজিদত আশীষ লয় অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে ।

Exit mobile version