নিদ্ৰাহীনতাৰ কাৰণ আৰু ইয়াৰ সমাধান

32559585 web

শোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ ফলত নিদ্ৰা কমি যোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি বিশ্বব্যাপী নিদ্ৰাহীনতা হৈ পৰিছে এক বৃহৎ সমস্যা । অথচ ইয়াক লৈ চৰ্চা অতি কম । বিশ্বৰ প্ৰায় ৪৫ শতাংশ লোক নিদ্ৰাহীনতাৰ বাবে বিভিন্ন সমস্যাত ভুগিছে । ইয়াৰ ভিতৰত সৰহসংখ্যকেই উচ্চৰক্তচাপ, মধুমেহ, বৃক্কৰ দীৰ্ঘদিনীয়া ৰোগ ।

নিদ্ৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিবৰ বাবে ‘ৱৰ্ল্ড এছ’ছিয়েছন অৱ স্লিপ মেডিচিন’এ ২০০৮ৰ পৰা নিদ্ৰা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । মাৰ্চ মাহৰ দ্বিতীয় শুকুৰবাৰ ‘ৱৰ্ল্ড স্লিপ ডে’ হিচাপে পালন কৰা হয় । ভাল টোপনিৰ বাবে তিনিটা বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগে –

● সময় (শিশু আঠৰ পৰা ন ঘণ্টা আৰু প্ৰাপ্তবয়স্ক সাতৰ পৰা আঠ ঘণ্টা)
● ধাৰাবাহিকতা
● গভীৰতা

নিদ্ৰাহীনতাৰ ফলাফলঃ
● টোপনি কম হ’লে অৱসাদ বাঢ়ে । মনোযোগ কমে ।
● নিয়মিত সাত-আঠ ঘণ্টা নোশোলে ধৈৰ্যশক্তি কমে ।
● শোই থকা সময়ছোৱাত গ্ৰ’থ হ’ৰমন নিঃসৃত হয় । সেয়ে শিশুসকলে কমকৈ শোলে তেওঁলোকৰ সঠিককৈ বৃদ্ধি নহয় ।
● টোপনি কম হোৱাৰ বাবে নাকৰ শব্দ ওলোৱা সমস্যাই দেখা দিয়ে । ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি, হৃদৰোগ আৰু মস্তিষ্ক ৰক্ত ক্ষৰণৰ সমস্যা হ’ব পাৰে ।
● বিশ্বৰ চাৰি শতাংশ লোকৰ ‘স্লিপ এপিনীয়া’ (নাকৰ শব্দ ওলোৱা ৰোগ) আছে ।

নিদ্ৰাহীনতা সমস্যা সমাধানৰ উপায়ঃ
● প্ৰতিদিনে নিৰ্দিষ্ট সময়ত শোলে আৰু উঠিলে টোপনিৰ সমস্যা হ্ৰাস হয় ।
● শোৱাৰ ডেৰ-দুঘণ্টা পূৰ্বে আহাৰ গ্ৰহণ কৰিব লাগে ।
● সন্ধিয়া চাহ, কফি খালে টোপনি সহজে নাহে ।
● নিয়মিত ব্যায়াম কৰিব লাগে ।
● শোৱাৰ চাৰি ঘণ্টা পূৰ্বে মিষ্টি বা মিঠা খাদ্য গ্ৰহণ কৰিব নালাগে ।

Exit mobile version