বিজেপি প্ৰাৰ্থী অজন্তা নেওগ ক’ভিড প’জিটিভ

79812251

প্ৰাক্তন বিজেপি নেত্ৰী তথা গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি পোৱা গৈছে ।

দ্বিতীয়বাৰৰ বাবে ক’ভিড প’জিটিভ পোৱা গৈছে প্ৰাৰ্থীগৰাকীক । বিগত বৰ্ষৰ আগষ্টত প্ৰাৰ্থী নেওগক ক’ভিড প’জিটিভ পোৱা গৈছিল আৰু তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জিএমচিএইচ)ত চিকিৎসাধীন হৈ আছিল ।

প্ৰাৰ্থীগৰাকীয়ে ১৯ মাৰ্চত ক’ভিড পৰীক্ষণ কৰাবলৈ গৈছিল । সম্প্ৰতি তেওঁক আছুতীয়া গৃহ (হোম আইছ’লেছন)ত ৰখা হৈছে ।

যোৱা শুকুৰবাৰে বিজেপি বিধায়ক তপন কুমাৰ গগৈক দ্বিতীয়বাৰৰ বাবে ক’ভিড-১৯ প’জিটিভ পোৱা গৈছিল । বিগত বৰ্ষত তেওঁক প্ৰথমবাৰ প’জিটিভ পোৱা গৈছিল আৰু তেওঁ জিএমচিএইচ-ত প্লাজমা দান কৰিছিল ।

Exit mobile version