মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ নিৰ্বাচনী প্ৰচাৰ

WhatsApp Image 2021 03 21 at 3.36.08 PM

নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন অনুস্থিত হ’ব। অহা ছয় এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৪৮নং বকো বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত ভোটদান অনুস্থিত হ’ব।

ADVERTISEMENT

আজি সন্ধিয়া বকো বজাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে দোকানৰ স্বত্বাধিকাৰীসকলৰ স’তে মতবিনিময় কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলে।

প্ৰাৰ্থীগৰাকীয়ে এইবেলি বকো সমষ্টিত তিনি কোণীয়াকৈ প্ৰতিদণ্ডিতা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনকি বিপুল ভোটত জয় হ’ব বুলিও কয়।

অগপ দলৰ ঘোষিত প্ৰাৰ্থীগৰাকীক বিজেপি দলৰ কৰ্ম-কৰ্তাসকলেও সম-পৰিমাণে সহযোগিতা আগবঢ়োৱা দেখা গ’ল।

Exit mobile version