ঘৰতে মেনিকিয়’ৰ কৰাৰ সহজলভ্য উপায়

Hand with french manicure

ক’ভিড পৰিস্থিতিৰ বাবে বহু লোকে পাৰ্লাৰ যোৱাৰ পৰা বিৰত থাকে । কিন্তু নখৰ যতন কেনেকৈ ল’ব ? অতি সহজে ঘৰতে থাকি এতিয়া ল’ব পাৰে নখৰ যতন । প্ৰয়োজন কেৱলমাত্ৰ কেইটামান সামগ্ৰীৰ । স্থানীয় বজাৰত অথবা অনলাইনত উপলব্ধ এই সহজলভ্য সামগ্ৰীসমূহ ।

উপকৰণঃ
●নেইল পলিছ ৰিমোভাৰ
●তুলা
●কিউটিকল পুছাৰ আৰু নিপাৰ
●কিউটিকল ক্ৰীম
●হাতৰ মইছ’ৰাইজৰ ক্ৰীম
●আপোনাৰ প্ৰিয় ৰঙৰ নেইল পলিছ
●নেইল পলিছ ক’ট
●নেইল ক্লিপাৰ

পদ্ধতিঃ
●প্ৰথমে ভালকৈ নেইল পলিছেৰে নখত থকা যিকোনো দাগ আঁতৰাই লওক ।
●এটা ক্লিপাৰেৰে ভালকৈ নখৰ চোকবোৰক শ্বেপ দি লওক ।
● এটা পাত্ৰত পানী লৈ পানীত বেবী শ্বেম্পু মিহলাই তিনি মিনিট সময় হাতখন নিমজ হোৱালৈ ডুবাই ৰাখক ।
● এতিয়া হাতত কিউটিকল ক্ৰীম লগাই লওক ।
● এইবাৰ হাতত ভালকৈ মইছ’ৰাইজৰ লগাই লওক ।
● এতিয়া আপোনাৰ প্ৰিয় নেইল পলিছ নখত লগাই লওক । নখ শুকালে তাৰ ওপৰত নেইল পলিছ ক’ট লগাই লওক ।

এনেদৰে আপুনি অতি সহজে ঘৰতে নখৰ মেনিকিয়’ৰ কৰিব পাৰে ।

Exit mobile version