এক এপ্ৰিলৰ পৰা ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলোৱে লাভ কৰিব প্ৰতিষেধক

covid 19 vaccine coronavirus covishield 770x433 1

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকৰে জনায় যে, আজি দিল্লীত অনুষ্ঠিত হোৱা মন্ত্ৰীসভাৰ বৈঠকত ক’মৰ্বিডিটী নোহোৱাকৈও ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰা হ’ব । এক এপ্ৰিলৰ পৰাই টিকাকৰণ আৰম্ভ কৰা হ’ব ।

টিকাকৰণৰ দ্বিতীয় পৰ্যায়ত ৪৫ বছৰৰ ঊৰ্ধ্বৰ ক’মৰ্বিডিটী থকা সকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰই জনাইছিল । টিকাকৰণৰ বাবে পৰ্যৱেক্ষণ কৰা হৈছিল চিকিৎসকে প্ৰদান কৰা ক’মৰ্বিডিটী নথি । এক এপ্ৰিলৰ পৰা এই নথি পৰ্যৱেক্ষণ কৰা নহয় । ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই ।

আজি জাভৰেকৰে কয়, ‘দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে । সেয়ে টিকাকৰণৰ গতি দ্ৰুত কৰাৰ চেষ্টা কৰা হৈছে । দ্বিতীয় পৰ্যায়ত ক’মৰ্বিডিটী প্ৰমাণপত্ৰ বাধ্যতামূলক আছিল । মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে, ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।’

Exit mobile version