কক্সবজাৰত ৰহংগীয়া শৰণাৰ্থী শিবিৰত অগ্নিসংযোগ

ভস্মীভূত ন হেজাৰৰো অধিক বাসগৃহ

g9i1r5ns rohingya refugee camp

ভয়াবহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত বাংলাদেশৰ ৰহংগীয়া শৰণাৰ্থী শিবিৰ । কালি সন্ধিয়া বাংলাদেশৰ কক্সবজাৰৰ উখিয়া উপজিলাৰ বালুখালিত আঠ নম্বৰ ৰহংগীয়া শৰণাৰ্থী শিবিৰত অগ্নিসংযোগ হয় । এইটোৱেই বিশ্বৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰ ।

অগ্নিসংযোগৰ ফলত ন হেজাৰৰো অধিক বাসগৃহ অগ্নিদগ্ধ হয় । প্ৰায় ৫০ হেজাৰৰো অধিক লোকে ‌গৃহ ত্যাগ কৰিছে । অগ্নিসংযোগ হোৱাৰ সময়ত দৌৰা-ঢাপলিত প্ৰায় ৫০ জন লোক আহত হৈছে বুলি জনায় বাংলাদেশ প্ৰশাসনৰ এজন বিষয়াই । সূত্ৰ অনুসৰি, সাতজন লোকে প্ৰাণো হেৰুৱাইছে ।

ম্যানমাৰৰ পৰা বহিষ্কাৰ কৰা ৰহংগীয়াসকল শৰণাৰ্থী হিচাপে বাংলাদেশৰ কক্সবজাৰত থাকে । কক্সবজাৰত এক বৃহৎ অঞ্চলজুৰি ৩৪টা শিবিৰ আছে ।‌ স্থানীয় সূত্ৰ অনুসৰি, প্ৰথমে আঠ নম্বৰ শিবিৰৰ এখন গৃহত অগ্নিসংযোগ হয় । পাছত ওচৰৰ শিবিৰসমূহটো অগ্নি বিয়পি পৰে ।

এই খবৰ লাভ কৰাৰ পাছত উক্ত স্থানত অগনিৰ্বাপক বাহিনীয়ে আহি জুই নুমুৱাৱাবলৈ চেষ্টা কৰে । লগতে সেনাবাহিনী, আৰক্ষী আৰু স্বেচ্ছাসেৱীসকলে উদ্ধাৰকাৰ্য আৰম্ভ কৰে । সকলোৰে প্ৰায় পাঁচ ঘণ্টাজুৰা জোঁটিয়া চেষ্টাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণত আহে । কিন্তু তৎক্ষণাতে অধিকাংশ গৃহই অগ্নিদগ্ধ হয় ।

উখিয়া অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ইমদাদুল হকে শেহতীয়া এক সাক্ষাৎকাৰত জনায়, ‘জুই নিয়ন্ত্ৰণত আনিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিটা দলে ঘণ্টাজুৰি কাম কৰিছে । নিশা ১০:৪৫ত জুই নিয়ন্ত্ৰণত অনা সম্ভৱ হয় যদিও বিচ্ছিন্নভাৱে কিছুসংখ্যক স্থানত জুই জ্বলিয়ে থকা দেখা যায় ।’

প্ৰথমে গেছ চিলিণ্ডাৰত অগ্নিসংযোগ হ’ব পাৰে বুলি অনুমান কৰা হৈছিল । উখিয়া উপজিলা প্ৰশাসনৰ এজন বিষয়াই কয়, ‘ক্ষতিগ্ৰস্ত ৰহংগীয়াসকলক অন্য স্থানলৈ স্থানান্তৰ কৰাৰ লগতে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে ।’

Exit mobile version