কৰ’নাৰ ব্ৰিটেইন ৰূপৰ প্ৰথম সন্ধান লাভ কৰিলে পোহনীয়া কুকুৰ-মেকুৰীৰ শৰীৰত

cat 1280p 3

ব্ৰিটেইনত প্ৰথমবাৰ পোহনীয়া কুকুৰ, মেকুৰীৰ শৰীৰত সন্ধান পোৱা গ’ল ছাৰ্ছ কভ-২ ভাইৰাছৰ । কৰ’না সংক্ৰমণ বৃদ্ধি পোৱা সময়ছোৱাত ব্ৰিটেইনত পোহনীয়া কুকুৰ আৰু মেকুৰীৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছিল । ইতিমধ্যে কুকুৰ, মেকুৰীৰ শৰীৰৰ পৰা মানুহলৈ সংক্ৰমণ হোৱাৰ বিষয়ত গুৰুত্ব দিব নিবিচাৰে গৱেষকসকলে ।

ফ্ৰেন্স নেচনেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ পশু সংক্ৰমণ বিশেষজ্ঞ এৰিক লেৰয়ে সম্প্ৰতি এই বিষয়ত এক তথ্য প্ৰকাশ কৰে । তেওঁ জনায় যে, ২০২০ৰ ডিচেম্বৰতকৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী পৰ্যন্ত পোহনীয়া কুকুৰ-মেকুৰীৰ শৰীৰত মায়’কাৰ্ডাইটিছ নামে এক বিশেষ ধৰণৰ হৃদৰোগ বহুগুণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । ১.৪ শতাংশৰ পৰা বৃদ্ধি হৈ হৈছে ১২.৮ শতাংশ ।

লণ্ডনৰ এখন পশু চিকিৎসালয়ে জনায়, কৰ’না পজিটিভ পোৱা পোহনীয়া জন্তুবোৰো মায়’কাৰ্ডাইটিছ ৰোগত আক্ৰান্ত । জন্তুবোৰোৰ এই ৰোগত হৃদযন্ত্ৰৰ টিছু বা পেশীতন্ত্ৰ ক্ষতিগ্ৰস্ত হয় । এই ৰোগ বাঢ়ি গ’লে মৃত্যুও হ’ব পাৰে ।

পোহনীয়া জন্তুবোৰোৰৰ কৰ’না সংক্ৰমণৰ এই প্ৰতিবেদন অৱশ্যে এই পৰ্যন্ত কেৱল ব্ৰিটেইনতে পোৱা গৈছে । যোৱা মাহত লণ্ডনৰ পশু চিকিৎসালয় ৰেল্ফ ভেটাৰেনেৰী ৰেফাৰেল চেণ্টাত চিকিৎসাৰ বাবে অনা জন্তুবোৰক একেই উপসৰ্গত ভোগা ১১টা জন্তুৰ কৰ’না পৰীক্ষা কৰা হয় । ইয়াৰ ভিতৰত আঠটা কুকুৰ আৰু তিনিটা মেকুৰী । প্ৰত্যেকৰেই হৃদৰোগৰ সমস্যা আছিল । লগতে তন্দ্ৰা, ভোক নলগা, সঘনাই শ্বাস লোৱা, হঠাৎ সংজ্ঞা হেৰুওৱা আদি সমস্যাও পৰিলক্ষিত হয় । কৰ’না পৰীক্ষণত জন্তুবোৰৰ শৰীৰত ভাইৰাছৰ ব্ৰিটেইন প্ৰকাৰ (বি.১.১.৭)ৰ অস্তিত্ব পোৱা যায় ।

এই পৰ্যন্ত এটা পোহনীয়া মেকুৰীৰ বাহিৰে এই ৰোগত কোনো জন্তুৰ মৃত্যু হোৱা নাই । চিকিৎসকসকলে জনায় যে, মেকুৰীটোৰ সুস্থ হোৱাৰ সম্ভাৱনা নথকাৰ বাবে ৰোগ যন্ত্ৰনাৰ পৰা মুক্তি দিবলৈ দৰৱ দি মাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Exit mobile version