প্ৰকাশ পালে থলইবিৰ ট্ৰেইলাৰ

জয়ললিতাৰ ৰূপত কংগনা

23thalaivi9

এইবাৰ বলীউডৰ কুইন কংগনা ৰণৌটক ডাঙৰ পৰ্দাত দেখা যাব তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়ললিতাৰ ৰূপত । এ এল বিজয়ৰ পৰিচালনাত নিৰ্মিত জে জয়ললিতাৰ বায়’পিক ‘থলইবি’ । বায়’পিকখনত অভিনেত্ৰী-ৰাজনীতিবিদগৰাকীৰ ব্যক্তিত্ব প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে । বায়’পিকখনত জয়ললিতাৰ ‘ছুপাৰষ্টাৰ নায়িকা’ৰ পৰা ৰাজনীতিবিদ হোৱালৈ জীৱন যাত্ৰা প্ৰদৰ্শন কৰা হ’ব ।

ট্ৰেইলৰৰ আৰম্ভণিতে শুনিবলৈ পোৱা যায়, ‘পুৰুষ নিৰ্মিত ৰাজনীতিত এগৰাকী অভিনেত্ৰীয়ে কেনেকৈ পৰিৱৰ্তন আনিব ?’ অৰবিন্দ স্বামীৰ দ্বাৰা অভিনীত এমজি ৰামচন্দ্ৰনৰ স’তে জয়ললিতাৰ অন-স্ক্ৰীন আৰু অফ-স্ক্ৰীন সম্পৰ্ক দেখিবলৈ পোৱা যাব । জয়ললিতাৰ অনুৰাগীসকলে এদিন তেওঁলোকৰ মৰম উজাৰিব বুলি এমজিআৰে তেওঁক ৰাজনীতিৰ পথাৰত নামিবলৈ বাধ্য কৰে । অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদ ইয়াৰ পাছত মুখ্যমন্ত্ৰী এই যাত্ৰাত বহু উত্থান-পতনৰ সন্মুখীন তেওঁ ।

ট্ৰেইলাৰত ৰাজ্যসভাত জয়ললিতাক ডিএমকে-ৰ সদস্যই আক্ৰমণ কৰাও প্ৰত্যক্ষ হৈছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো আংশিকভাৱে দেখিবলৈ পোৱা যায় যেতিয়া জয়ললিতাই বিধানসভাত বক্তব্য প্ৰদান কৰে ।

ট্ৰেইলৰখনৰ শেষৰফালে শুনিবলৈ পোৱা যায়, ‘যদি আপুনি মোক মাতৃৰ স্থান দিয়ে, মই আপোনাক সদায় হৃদয়ত ৰাখিম ।’ এই এষাৰী বক্যই ৰাজনীতিবিদ আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জয়ললিতাৰ কিংবদন্তি বাখ্যা কৰে ।

Exit mobile version