মৈৰাবাৰীত আমিনুল ইছলামৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সমষ্টিবাসীৰ

ভুৱা সেনা বাহিনী লৈ মৈৰাবাৰীত আমিনুলৰ গুণ্ডাগিৰী, পহু খেদা ভুৱা সেনাসহ আমিনুলক

Screenshot 270

বিতৰ্কই যেন লগ এৰা নাই ধিঙৰ এআইইউডিএফৰ বিধায়ক হাজী আমিনুল ইছলামৰ। ধিং সমষ্টিৰ এএফ দলৰ মহাজোঁটৰ প্ৰাৰ্থী আমিনুল ইছলামে বাৰেপতি খেদা খোৱাৰ পাছতো আজি মৈৰাবাৰীত উপস্থিত হৈছিলহি এটা ভুৱা সেনা বাহিনীৰ দল লগত লৈ।

সৈন্য বাহিনী লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে শক্তি প্ৰদৰ্শনৰ বাবে আহি আমিনুলৰ ধুৰ্তালী ধৰা পৰিল জনতাৰ চকুত।
সন্দেহ বসতঃ পাঁচজন সেনা জোৱানক ক্ষুব্ধ জনতাই আটক কৰা মাত্ৰতে বাকী সেনা বাহিনীসহ আমিনুলে পলায়নৰ চেষ্টা কৰে। আটক হোৱা সেনা জোৱান কেইজনক সোধ-পোচ কৰোতে ওলাই পৰে এৰহি গছৰ ওৰ।

দৰাচলতে, আমিনুলে একাংশ যুৱকক সেনাৰ সাজ পিন্ধাই ক্ষুব্ধ ৰাইজক ভয় খুৱাবৰ বাবেহে আনিছিল এটা গুণ্ডাবাহিনীক।
আটক হোৱা ভুৱা সেনাৰ কাপোৰ খুলি আৰক্ষীক গতাই দিয়ে ৰাইজে। আমিনুলৰ ভুৱা সেনাৰ দলৰ গাড়ীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে লাঠি। এই ঘটনাক কেন্দ্র কৰি বৰ্তমানে সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, এই বাৰ আমিনুল ইছলামৰ সন্মুখত তীব্র প্ৰত্যাহ্বান ৰূপে দেখা দিছে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে।

Exit mobile version