সীমান্ত বন্ধঃ বাইডেন প্ৰশাসন

1000x 1

আমেৰিকাত প্ৰতিদিনে বৃদ্ধি পাইছে সীমান্ত পাৰ হৈ অহা প্ৰতিৱেশীৰ সংখ্যা । এই সমস্যাৰ স’তে যুঁজ দিয়াই হৈ পৰিছে আমেৰিকাৰ বাবে প্ৰত্যাহ্বান । এই বিষয়ত সমালোচকসকলে প্ৰশাসনৰ বিৰূদ্ধে অভিযোগ উত্থাপন কৰিছে, ‘দৰাচলতে সম্পূৰ্ণ অভিবাসন নীতিটোতে খেলি-মেলি লগাইছে প্ৰশাসনে ।’

ইতিমধ্যে ১৫ হেজাৰ অপ্ৰবাসী শিশু-কিশোৰ চৰকাৰৰ জিম্মাত আছে বুলি জনায় প্ৰশাসনিক কৰ্মকৰ্তাসকলে । তেওঁলোকৰ ভিতৰত এক তৃতীয়াংশৰ বাবে এই পৰ্যন্ত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । এনে পৰিস্থিতিত প্ৰব্ৰজনকাৰীসকলক দেশত স্থান দিয়া সম্ভৱ নহ’ব বুলি জনায় হোমলেণ্ড ছিকিঅ’ৰিটী কাৰ্যালয়ে ।

সীমান্ত পাৰ হৈ আমেৰিকা অহাৰ পৰিকল্পনা কৰা সকলক হোমলেণ্ড ছিকিঅ’ৰিটীৰ মুখ্য মায়’ৰকাছৰ আবেদন, ‘এতিয়া সঠিক সময় নহয় । নাহিব ।’ তেওঁ কয়, ‘যিসকল শিশু বৰ্তমান আমাৰ অভিৰক্ষাত আছে, সম্প্ৰতি আমি তেওঁলোকৰ বাবে মানৱীয়, সুশৃংখল আৰু নিৰাপদ ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছো । সেয়ে এতিয়া সীমান্ত বন্ধ ।’

সীমান্ত পাৰ হৈ আমেৰিকা অহা পৰিকল্পনা কৰা সকলক ৰাষ্ট্ৰপতি জ’বাইডেনৰ আহ্বান, ‘সম্প্ৰতি আপোনালোক নিজ গৃহতেই থাকক ।’ নিজে সীমান্তত গৈ এই বাৰ্তাৰ প্ৰচাৰ কৰিব বুলিও জনায় বাইডেনে । লগতে তেওঁ আশ্বাস দিয়ে, ‘আমি যিমান পাৰো কৰিছো ।’

বাইডেনে দাবী জনায় যে, তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে কাৰ্যকৰী কৰা কিছুসংখ্যক কঠোৰ নীতি প্ৰত্যাহাৰক লৈ পৰ্যালোচনা কৰি আছে । উদাহৰণস্বৰূপে জনায় যে, অভিভাৱকহীন প্ৰব্ৰজনকাৰী শিশুসকলক দেশত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে । যিটো ট্ৰাম্পে কেতিয়াও কৰা নাছিল ।

প্ৰব্ৰজনকাৰীৰ সমস্যাক লৈ প্ৰশাসনৰ বিৰুদ্ধে মাত মাতিছে ৰিপাব্লিকানসকলে । ডেম’ক্ৰেটসকলৰ একাংশইও সংগ দিছে ৰিপাব্লিকানসকলৰ । এই বিষয়ত শেহতীয়া এক সাক্ষাৎকাৰত মায়’কাছে কয়, ‘যথা সম্ভৱ চেষ্টা চলাইছে প্ৰশাসনে । ট্ৰাম্প চৰকাৰে সংশ্লিষ্ট নীতি সন্দৰ্ভত লগোৱা খেলিমেলিৰ বাবেই সমস্যাৰ সৃষ্টি হৈছে । অতিমাৰী পৰিস্থিতিয়েও‌ চাপ বৃদ্ধি কৰিছে ।’

Exit mobile version