ক’ভিড আক্ৰান্ত আমিৰ খান

বিৰতি পৰিল লাল সিং চড্ডাৰ শ্বুটট

aamir khan pti

‘লাল সিং চড্ডা’ চলচ্চিত্ৰৰ শ্বুট চলি থকাৰ সময়তে কৰ’নাত আক্ৰান্ত হয় বলীউডৰ মিষ্টাৰ পাৰ্ফেকছ’নিষ্ট আমিৰ খান । সূত্ৰ অনুসৰি, ইতিমধ্যে অভিনেতাজন নিজ গৃহতে কুৱাৰেনটাইন হৈ আছে ।

তেওঁৰ সকলো কৰ্মচাৰীকে ক’ভিড পৰীক্ষণৰ পৰামৰ্শ দিয়ে অভিনেতাজনে । সকলোকে ইতিমধ্যে কৰ্ম বিৰতিও দিয়া হৈছে । সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত তেওঁ লাল সিং চড্ডাৰ পৰৱৰ্তী শ্বুটিং সমাপ্ত কৰিব ।

মহাৰাষ্ট্ৰত পুনৰ তীব্ৰ গতিত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । ভাইৰাছৰ কৱলত পৰিছে শিল্পীসকল । ক’ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে একাধিক অভিনেতা-অভিনেত্ৰী ক’ভিড আক্ৰান্ত হৈছে ।

ইতিমধ্যে ক্ৰমে চট্টীশ কৌশিক, তাৰা সুতাৰিয়া, কাৰ্তিক আৰিয়ন, আশিষ বিদ্যাৰ্থী গৌহৰ খান প্ৰমুখে ক’ভিড আক্ৰান্ত হৈছে ।

Exit mobile version