■ ন’কিয়া ৩.২ক এণ্ড্ৰইড ১১লৈ সংস্কৰণ কৰা হ’ব ।
■ স্মাৰ্টফোনটো ২০১৯ত এণ্ড্ৰইড ৯পাই ৰূপে উন্মোচন কৰা হৈছিল আৰু বিগত বৰ্ষত এণ্ড্ৰইড ১০লৈ সংস্কৰণ কৰা হয় ।
■ প্ৰথম পৰ্যায়ত ন’কিয়া এইচএমডি গ্ল’বেল অনুজ্ঞাপত্ৰ অনুসৰি ভাৰতসহ ৩৩খন দেশত ফোনটোৰ সংস্কৰণ কৰা হ’ব ।
■ আগন্তুক ২৮ মাৰ্চত তালিকাভুক্ত দেশসমূহে ন’কিয়া ৩.২ৰ নতুন সংস্কৰণ লাভ কৰিব ।
■ ন’কিয়া ৩.২-এ ছিকিউৰিটী পেচ লাভ কৰিব ।
■ ভি৩.১৪০ নম্বৰৰ ন’কিয়া ৩.২ৰ ভাৰতত মূল্য হ’ব ১০,১৪৩টকা ।
■ নতুন সংস্কৰণ লাভ কৰিবলগীয়া দেশসমূহৰ ভিতৰত আছে ভাৰত, আলবেনিয়া, আজেৰবাইজান, বাংলাদেশ, কম্ব’ডিয়া, ডেনমাৰ্ক, ইজিপ্ত, এষ্ট’নিয়া, ফিনলেণ্ড, জৰ্জিয়া, হংকং, আইলেণ্ড, ইৰাণ, ইৰাক, জ’ৰ্ডন, লাউছ, লটভিয়া, লেবানন, লিথুৱানিয়া, মেকেও, মেচিড’নিয়া, মালয়েছিয়া, মালড’ভা, মণ্টেণেগ্ৰ’, নেপাল, নৰৱে, ফিলিপাইনছ, ছাৰ্বিয়া, শ্ৰীলংকা, ছুইডেন, ছুইজালেণ্ড, থাইলেণ্ড, ইউক্ৰেইন আৰু ভিয়েটনাম ।
ভাৰতসহ ৩৩খন দেশত ন’কিয়া ৩.২ক এণ্ড্ৰইড ১১লৈ পুনঃ সংস্কৰণ
